Breaking

বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…

0 10

লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু এক বিশেষ সম্বৰ্ধনা সভা কালি বিশ্বনাথ জিলাৰ তিনিসূঁতিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ বিভিন্ন কাৰ্যপন্থা , সাংগঠনিক কাম-কাজ বিষয়ক আলোচনাৰে এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

সভাত শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি, কোকৰাঝাৰ ইত্যাদি বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


সভাতেই ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমী অনুবাদ পুৰস্কাৰ লাভ কৰা বালিপৰাৰ বিশিষ্ট সাহিত্যিক , অনুবাদক, সমালোচক ছত্ৰমান চুব্বাক কেন্দ্ৰীয় সমিতি আৰু বিশ্বনাথ জিলা সমিতিয়ে অসমীয়া গামোছা, লিম্বু জনগোষ্ঠীয় গামোছা, চেলেং, ফুলাৰ থোপা, মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ।

Leave A Reply