ডেংগু ৰোগীৰ বাবে এক বিশেষ ফল হৈছে কিউই…

ডেংগু ভাইৰাছৰ মহৰ দ্বাৰা সংক্ৰমিত ৰোগ। এই ভাইৰাছ Aedes Aegypti নামৰ এবিধ মহৰ কামোৰৰ ফলত বিয়পি পৰে। এই মহে সাধাৰণতে দিনৰ ভাগত কামোৰে। সাধাৰণতে সংক্ৰমণৰ ৩-১৪ দিনৰ ভিতৰত ডেংগুৰ লক্ষণ দেখা দিয়ে। কিছুমান ক্ষেত্ৰত তীব্ৰ ডেংগুৰ সংক্ৰমণ হ’ব পাৰে, যাক ডেংগু হেমৰেজিক জ্বৰ বোলা হয়। অত্যধিক ৰক্তক্ষৰণ, নিম্ন ৰক্তচাপ, অংগ বিকল হোৱা আদি জটিলতা আহিব পাৰে। ডেংগুৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ ৰোগীয়ে বিশেষ খাদ্যাভ্যাস পালন কৰিব লাগিব, য’ত সকলো ধৰণৰ ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰা হয়। কিউই ইয়াৰে এটাৰ ফল। কিউইয়ে ডেংগু ৰোগীক বহু দিশত সহায় কৰিব পাৰে। ইয়াত ভিটামিন চি, ভিটামিন ই, পটাছিয়াম আৰু আঁহ আদি ভাল পৰিমাণৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানসমূহে ডেংগুৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰিব পাৰে-


কিউইয়ে হজম শক্তি সুস্থ কৰি ৰখাত সহায় কৰে। ডেংগু জ্বৰে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও কিউইত ভিটামিন চি আৰু ভিটামিন ইও প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।

কিউইৰ অন্যান্য উপকাৰিতাৰ সমূহ হৈছে-

কিউইত ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ’ব পাৰে।

কিউইত পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পোৱাত সহায়ক হ’ব পাৰে।

Related Articles