Breaking

সদ্য সমাপ্ত মেট্ৰিক পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈও চৰ্চালৈ আহিছে টেঙাখাতৰ এগৰাকী ছাত্ৰী

0 2,069

সদ্য সমাপ্ত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত  প্ৰথম, দ্বিতীয় নহয় তৃতীয় বিভাগত উত্তীৰ্ণ হৈও বিশেষ চৰ্চালৈ আহিছে টেঙাখাত পানধোৱা গাঁৱৰ নিবাসী ঘনকান্ত গগৈ আৰু ৰঞ্জিতা গগৈৰ জীয়ৰী যোগমায়া গগৈ। দিন হাজিৰা কৰি জীৱন-যাপন কৰা ঘনকান্ত গগৈ আৰু ৰঞ্জিতা গগৈৰ জীয়ৰী যোগমায়া গগৈয়ে নিজ হাতেৰে তৈয়াৰ কৰা বাঁহ-বেতৰ সজুলী বিক্ৰী কৰি, ৰাজ মিস্ত্ৰী যোগালী, ইটা ভাটাৰ শ্ৰমিক হিচাবে কাম কৰি নিজে উপাৰ্জন কৰি নিজৰ পঢ়া-শুনাৰ খৰচ বহন কৰাৰ উপৰিও ঘৰ চলোৱাত  অৰিহণা যোগায়।

মেট্ৰিকৰ দেওনা পাছতেই উচ্চ শিক্ষা গ্ৰহণৰ বাবে যথেষ্ট অৰ্থ প্ৰয়োজন হোৱাত চিন্তিত হৈ পৰিছে তাই লগতে আৰ্থিক ভাৱে পিছ পৰা তাইৰ পৰিয়ালবৰ্গ । আৰ্থিক দৈন্যতাই কোঙা কৰিব নোৱাৰা যোগমায়া গগৈয়ে বিছাৰিছে অকণমান সহায়ৰ হাত। 

Leave A Reply