সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰবী বিষয়ত লেটাৰ সহ ৬৫.৫ শতাংশ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আশিক ইকবাল ফৰিদ নামৰ এজন ছাত্ৰৰ মৃত্যুত অঞ্চব্যাপী শোঁকৰ ছাঁ পৰিছে৷ উল্লেখ্য কলগাছিয়াৰ গুনিয়ালগুৰিৰ আভা জাতীয় বিদ্যালয়ত অধ্যায়ন কৰা ছাত্ৰ গৰাকী আছিল লিভাৰ কেঞ্চাৰত আক্ৰান্ত ৷ বেমাৰৰ কাৰণে মেধা ছাত্ৰ গৰাকীয়ে সুদীৰ্ঘ ডেৰ বছৰ সময় যাব পৰা নাছিল বিদ্যালয়লৈ ৷ জটিল ৰোগত আক্ৰান্ত হৈও জীৱন যুঁজত আগবাঢ়ি গৈছিল ছাত্ৰ জন ৷ পৰীক্ষাৰ ফলাফল ঘোষণাৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ২৭ মে তাৰিখে ছাত্ৰ গৰাকীয়ে কৰুণ মৃত্যুক আঁকোৱালী লয় ৷
পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত শোঁকত ভাগি পৰিছে ছাত্ৰ গৰাকীৰ পিতৃ মাতৃ আৰু অধ্যয়ন কৰা বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চল৷ চিকিৎসাৰ নামত ছাত্ৰ জনৰ লগত ১৫-১৬ লাখ টকা খৰচ কৰা পৰিয়ালটোক সকাহ দিয়াৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনাইছে৷

