Breaking

ছাত্ৰীক বিয়া কৰাবলৈ লিংগ‌ পৰিৱৰ্তন কৰিলে এগৰাকী শিক্ষয়িত্ৰীয়ে…

0 136

ৰাজস্থানৰ এখন বিদ্যালয়ৰ শৰীৰ চৰ্চা বিষয়ৰ শিক্ষয়িত্ৰী মীৰা। শিক্ষিয়ত্ৰী মীৰাৰে ছাত্ৰী কল্পনাৰ গঢ়ি উঠুল বন্ধুত্ব। শিক্ষয়িত্ৰী-ছাত্ৰীৰ বন্ধুত্ব ক্ৰমে গাঢ়ৰ পৰা গাঢ়তৰ হৈ ৰূপ ল’লে প্ৰেমৰ। ৰাজস্থানৰ ভৰতপুৰৰ শিক্ষয়িত্ৰী মীৰাৰ প্ৰেমৰ সম্পৰ্কক পূৰ্ণতা দিবলৈ বিয়াৰ প্ৰস্তাৱ দিলে ছাত্ৰী কল্পনাক। কল্পনাৰো নাহিল কোনো আপত্তি। কিন্তু সন্মুখত বাধাৰ প্ৰাচীৰ।

কেউফালৰ পৰা কেৱল বাধা আৰু বাধা। বাধা একাষৰীয়া কৰি মন বান্ধিলে দুয়ো। দুয়োৰে পৰিয়াল নাৰাজ । তথাপিও দুয়ো বিয়াত বহিব। মীৰা সলনি হ’ল আৰভলৈ। অস্ত্ৰোপচাৰৰ জৰিয়তে সলনি কৰি ল’লে লিংগ। অস্ত্ৰোপচাৰৰ সময়তো আৰৱক এৰি নিদিলে প্ৰেয়সী কল্পনাই।

২০১৯ চনতে মীৰাই লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত লৈছিল। সেইবছৰেই লিংগ পৰিৱৰ্তনৰ প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন কৰে মাৰীই। মীৰা এতিয়া হ’ল আৰভ। ৪ নৱেম্বৰৰ দিনা দুয়ো বহিল বিয়াত। কাহিনী এতিয়া নেট নাগৰিকৰ মাজত ব্যাপক চৰ্চাত।

Leave A Reply