Breaking

তামুলপুৰৰ বগৰীখুটিত এগৰাকী শিক্ষকৰ বৰ্বৰতা

0 81

তামুলপুৰৰ বগৰীখুটীত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ অমানৱীয় কাণ্ড৷ বগৰীখুটীৰ মধ্য ডোঙাৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৃথীৰঞ্জন দাসে অংক বুজাই দিব নোৱাৰাৰ কাৰণে ক্ৰিকেট খেলৰ প্লাষ্টিকৰ ষ্টাম্পেৰে কোৱাই পিঠি ফালিলে এজন পঞ্চম মানৰ ছাত্ৰৰ ৷

প্ৰধান শিক্ষক গৰাকীৰ নিৰ্মম প্ৰহাৰত শৰীৰৰ কেইবা ঠাইতো আঘাত পোৱাৰ লগতে হাতৰ আঙুলি পৰ্যন্ত ভাঙি যায় ছাত্ৰজনৰ ৷

ছাত্ৰজনে কান্দি কান্দি ঘৰলৈ আহি সকলো কথা বিৱৰি কোৱাত লগে লগে অভিভাৱকে নাগ্ৰীজূলি আদৰ্শ চিকিৎসালয়ত ভৰ্তী কৰায় ৷

প্ৰধান শিক্ষক গৰাকীৰ অমানৱীয় কাণ্ডৰ ন্যায় বিচাৰি নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অভিভাৱকে৷

-প্ৰসাদ দাস,তামুলপুৰৰ

Leave A Reply