Breaking

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা…

0 126

শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ ১২১ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গুৱাহাটীলৈ ৰাওনা

সমগ্ৰ শিক্ষা, মৰিগাঁৱৰ উদ্যোগত আৰু অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁৱৰ পৰা দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ এটা দল শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে গুৱাহাটীলৈ ৰাওনা হৈছে। ছাত্ৰ-ছাত্ৰীৰ এই দলটোৱে আই আই টি, গুৱাহাটী আৰু এইমছ, গুৱাহাটী ভ্ৰমণ কৰিব। মৰিগাঁও আৱৰ্ত ভৱনৰ বাহিৰত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক এই শিক্ষামূলক ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে এই কাৰ্যসূচীক কেৱল এটা ভ্ৰমণ হিচাপে ল’ব নালাগে। বৰং বাহিৰত গৈ নতুন নতুন কথা শিকি নিজৰ দৃষ্টিভংগীৰ প্ৰসাৰতহে গুৰুত্ব দিব লাগে। তেওঁ কয় যে কেৱল চিকিৎসক অভিযন্তাই নহয়, বৰ্তমান সময়ত এনে বহুতো বৃত্তি আছে যিবোৰে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনীমূলক চিন্তাৰ প্ৰসাৰ ঘটাব পাৰে। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক চিন্তাৰ পৰিধি বহল আৰু উদাৰ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই শিক্ষামূলক ভ্ৰমণত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ১২১ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী (মেণ্টি)য়ে অংশগ্ৰহণ কৰিছে। আজিৰে পৰা আৰম্ভ হ’বলগীয়া এই শিক্ষামূলক ভ্ৰমণ ১০ নৱেম্বৰত সামৰণি পৰিব। দলটোত সহকাৰী আয়ুক্ত মৃগনাভ দাস, দুগৰাকী শিক্ষক আৰু চাৰিগৰাকী শিক্ষয়িত্ৰীয়েও ভ্ৰমণ কৰিছে। আজি ছাত্ৰ-ছাত্ৰীৰ দলটোক এই ভ্ৰমণৰ বাবে শুভেচ্ছা জ্ঞাপনৰ অনুষ্ঠানটোত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈয়ো উপস্থিত আছিল।

Leave A Reply