উত্তৰ পূৱ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠান নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষক দল এটি ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ ডুবাইৰ দৰৱ আৱিষ্কাৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে । ড° ভাৰ্গৱ জ্যোতি চহৰীয়াৰ নেতৃত্বত গৱেষণা পাঠ কৰিবলৈ তথা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ যোৱা দলটিত ড° অপূৰ্ব তালুকদাৰ আৰু ড° কৌশিক নন্দন দত্তয়ো প্ৰতিনিধিত্ব কৰিব।
মূলতঃ বাহগাঁজৰ কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত কৰা গৱেষণা লানিৰ বাবে এই দলটো আমন্ত্ৰিত হৈছে । স্বাভাৱিকতে মিৰ্জা অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰতৰ বাবে ই অতি গৌৰৱৰ বাৰ্তা ।
ইতিমধ্যে অনুষ্ঠানখনিৰ সঞ্চালক ডা° হিতেশ বৰুৱা আৰু উপ সঞ্চালক ডা° মিহিৰ কুমাৰ বৰুৱাই আনন্দ প্ৰকাশ কৰি কয় যে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ গৱেষণাই ইতিমধ্যে পৃথিবীৰ বিভিন্ন গৱেষকৰ দৃষ্টি কাঢ়িছে ।
অনাগত দিনত নতুন কেঞ্চাৰ প্ৰতিৰোধী দৰৱ আৱিষ্কাৰত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান সক্ষম হব বুলি তেওঁলোক আশাবাদী ।

স্মতৰ্ব্য এই যে ড° চহৰীয়াৰ নেতৃত্বত ইতিমধ্যে বহুকেইটা দৰৱৰ পেটেন্ট প্ৰতিষ্ঠানখনে লাভ কৰিছে । কেঞ্চাৰ গৱেষণাত ই সুদুৰ প্ৰসাৰী প্ৰভাৱ লাভ কৰিব বুলি সকলো আশাবাদী ।
২ ডিচেম্বৰ ২০২৩ ৰ পৰা ৭ ডিচেম্বৰলৈ সমাৰোহখনি ডুবাইত অনুষ্ঠিত হ’ব য’ত বহুকেইখন দেশে নিজৰ গৱেষণা পাঠ কৰিবলৈ আহিব ।