Breaking

৫৫জন ছাত্র- ছাত্ৰীৰ বিপৰীতে এজন অস্থায়ী শিক্ষক! বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাইছে ৰান্ধনীয়ে…

0 84

মৰিয়নিৰ বাঘচোং শিক্ষা খণ্ডৰ অন্তৰ্গত ২৫২ নং বাহনি প্ৰাথমিক বিদ্যালয়ত ৮ বছৰে ছাত্র- ছাত্ৰীৰ পাঠদান কৰি আহিছে এজন অস্থায়ী শিক্ষকে। যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় খনৰ ৰান্ধনীয়েও প্ৰতিদিনা ছাত্ৰ-ছাত্ৰীক কৰাব লগা হয় পাঠদান।

উল্লেখ যে বাহনি প্ৰাথমিক বিদ্যালয়ৰ স্থায়ী শিক্ষক বুধিন শইকীয়াই বিভিন্ন অজুহাত দেখুৱাই বিদ্যালয়ত প্ৰায়ে উপস্থিত নথকাৰ অভিযোগ তুলি স্থানীয় ৰাইজে বুধিন শইকীয়াৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিছিল আৰু তাৰ পাছৰে পৰা বিদ্যালয় খনত স্থায়ী শিক্ষক নাই বুলি জানিবলৈ দিয়ে। মন কৰিব লগীয়া যে বুধিন শইকীয়া বৰ্তমান ক’ত কৰ্মৰত সেই বিষয়ে অৱগত নহয় খোদ CRCC জনেও।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply