নাজিৰাৰ বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড

নাজিৰাৰ বাপুজী পথত ভয়ংকৰ অগ্নিকাণ্ড। নাজিৰাৰ কাঁহ-পিতলৰ ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

ৰমেশ কলিতাৰ বাসগৃহত ভাৰাতীয়া হিচাপে থকা ৰীতা বৰুৱা গগৈ, পম্পী আগৰৱালা আৰু পৰিস্মীতা ফুকনৰ আবাস সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

বৰ্তমানেও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

-দিলীপ হাজৰিকা, নাজিৰা

Related Articles