দেৰগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা গ্ৰন্থ অধ্যয়নৰ কৰ্মশালাৰ সফল সামৰণি

নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি গ্ৰন্থ জাগৰণ গঢ়াৰ উদ্দেশ্যে দেৰগাঁৱৰ আজাদ পুস্তকালয়ৰ উদ্যোগত তিনিদিনীয়া্ কাৰ্যসূচীৰে “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা” শীৰ্ষক এক ব্যতিক্ৰমি কৰ্মশালা সফলতাৰে মঙলবাৰে সম্পন্ন হয়।

পঞ্চম-সপ্তম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীক সামৰি আজাদ পুস্তকালয়ৰ সম্পাদক ৰাজেন পূজাৰীয়ে আতধৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ যতীন্দ্ৰ নাথ নেওগ আৰু ৰাওনা পাৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ বৰুৱাই।

কৰ্মশালা উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক চক্ৰধৰ বৰুৱাই।

দেৰগাঁও অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকেও অংশ লয়।

পুস্তকালয়ৰ সহকাৰী সম্পাদক অমৰ বৰুৱা, ,দিপীকা হাজৰীকা্, সত্যজিত হাজৰীকা , উমা শংকৰ চাহু , ৰবীন ফুকন আদি উপস্থিত আছিল।

উক্ত অনুষ্ঠানত দেৰগাঁও টাউন হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজীৱ নাথ, সাংবাদিক বিদ্বান বৰদলৈ, আজাদ পুস্তকালয়ৰ উপসভাপতি দুলু বৰুৱা ,কালী প্ৰসন্ন বৰুৱা , দিব্যজ্যোতি ৰাজখোৱা আদিয়ে বক্তৱ্য আগবঢ়ায়।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Related Articles