ণ্ডবল, খো খোৰ অক্লান্ত যোদ্ধা, প্ৰচাৰ বিমুখ নলবাৰীৰ ৰাজীৱ শৰ্মা…

অসমত যিসকলে হেণ্ডবল, খো খোৰ উত্তৰণত কাম কৰি আছে, খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে সেই সকল প্ৰশিক্ষক, খেল পৰিচালক, ক্ৰীড়া সংগঠকৰ ভিতৰত নলবাৰীৰ ৰাজীৱ শৰ্মাৰ নাম অন্যতম। অসমত, হেণ্ডবল, খো খো আৰু কাবাডী খেলৰ ওপৰত ৰাজীৱ শৰ্মাই যিধৰনে কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে সেয়া অনস্বীকায্য। ১৯৭২ চনৰ ১০ জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল ৰাজীৱ শৰ্মাই। দেউতাকৰ নাম জীতেন্দ্ৰ নাথ শৰ্মা আৰু মাকৰ নাম গীতা ৰাণী শৰ্মা। ১৯৯০ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৯৩ চনত তেওঁ অমাৰাৱতীত ক্ৰীড়া বিষয়ক স্নাতক বি পি এড ডিগ্ৰী লাভ কৰে। ইয়াৰ আগতে তেওঁ আন্তঃ জিলা পৰ্যায়ত হেণ্ডবল, খো খো খেলি প্ৰতিভাৱান খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়। সেই মৰ্মে—১৯৮৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰে।

১৯৮৭ চনত সোনাপুৰত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক আন্তঃ জিলা খো খো প্ৰতিযোগিতাত তেওঁ নলবাৰী জিলাৰ হৈ অংশগ্ৰহণ কৰে। ১৯৮৮ চনত গোলাঘাটত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক আন্তঃ জিলা ছাব জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ১৯৮৯ চনত বেতকুছি গুৱাহাটীত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত নলবাৰীক প্ৰতিনিধিত্ব কৰে। ১৯৯০ চনত জাগিৰোদত অনুষ্ঠিত হোৱা নৱম সংখ্যক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে। ১৯৯১ চনত বজালীত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ। আন্তঃ জিলা হেণ্ডবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেণ্ডবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ১৯৯১ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৩৪ সংখ্যক নেচনেল স্কুল গেমছত তেওঁ হেণ্ডবলত অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৪ চনত বিহাৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক চিনিয়ৰ নেচনেল হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা আসাম ষ্টেট গেমছ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ খো খো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসম খো খো দলৰ প্ৰশিক্ষক হিচাপেও তেওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে । ২০১৪ চনত গোৱাত অনুষ্ঠিত হোৱা ৪৭ সংখ্যক চিনিয়ৰ নেচনেল খো খো, ২০১৬ চনত উৰিষ্যাত অনুষ্ঠিত হোৱা ২৭ সংখ্যক চাব জুনিয়ৰ নেচনেল খো খো চেম্পিয়নশ্বীপত আৰু ২০২৩ চনত দিল্লীত অনুষ্ঠিত হোৱা ৬৬ সংখ্যক স্কুল নেচনেল খো খো টুৰ্নামেণ্টত তেওঁ দলৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। ২০০৮ চনত তেওঁ বেঙ্গলোৰত খো খোৰ এন আই এছ চাৰ্টিফিকেট কোৰ্চ সম্পন্ন কৰে। ২০১০ চনত কাবাডী আৰু ২০১৫ চনত তেওঁ খো খো খেলৰ নেচনেল ৰেফাৰী পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ আন্তঃ জিলা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে

অংশগ্ৰহণ কৰে। সেই মৰ্মে ১৯৯৬ চনত গুৱাহাটী চন্দ্ৰপুৰত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। কেইবাবাৰো আন্তঃ জিলা খো খো প্ৰতিযোগিতাত তেওঁ খেল পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০১৬ চনত উত্তৰপ্ৰদেশত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক জুনিয়ৰ নেচনেল খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাবে অংশগ্ৰহণ কৰে। ২০১৭ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা ২০ সংখ্যক ইষ্ট জ’ন চিনিয়ৰ খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২২ চনত অৰুনাচল প্ৰদেশত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক স্কুল গেমছ খো খোত তেওঁ অংশগ্ৰহণ কৰে। ২০২৩ চনত অসমৰ তামুলপুৰত অনুষ্ঠিত হোৱা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। ২০২৩ চনত মেঘালয়ত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ইষ্ট জ’ন চিনিয়ৰ খো খো চেম্পিয়নশ্বীপত তেওঁ পৰিচালক হিচাপে অংশগ্ৰহণ কৰে। হেণ্ডবল, খো খো আৰু কাবাডী বৰ্তমান সময়ত অসমৰ জনপ্ৰিয় খেল। এই খেল খেলিবলৈ খেলুৱৈ সকলে আগ্ৰহ প্ৰকাশ কৰাটো পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে এই খেল অত্যন্ত কম খৰচতে খেলিব পাৰি। এই খেলৰ বাবে বহু ডাঙৰ খেলপথাৰৰ প্ৰয়োজন নাই। কম ঠাইতে খেলপথাৰ তৈয়াৰ কৰিব পাৰি। খেলৰ ফলাফলৰ বাবে ঘন্টাৰ পাছত ঘন্টা ৰৈ থাকিব নালাগে। খেলপথাৰৰ অতি ওচৰৰ পৰা প্ৰতিযোগিতা সমূহ প্ৰত্যক্ষ কৰিব পাৰি। এই খেল কেইবিধৰ খেলুৱৈৰ বাবে যথেষ্ট কৰণীয় আছে। প্ৰশিক্ষকৰ জড়িয়তে দীৰ্ঘকালীন প্ৰশিক্ষণ অবিহনে খেলুৱৈৰ সৃষ্টি হ’ব নোৱাৰে। সেয়েহে খেলুৱৈৰ নিয়মীয়া অনুশীলন নিত্যান্তই প্ৰয়োজনীয়। খেলুৱৈ সকলক উলিয়াই আনি খণ্ড ভিত্তিত, জিলা ভিত্তিত আৰু ৰাজ্যিক ভিত্তিত অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত ভাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰিলে অসমৰ কাবাডী, হেণ্ডবল আৰু খো খো খেলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন ডাঙি ধৰিব বুলি আশা কৰিব পাৰি।

Related Articles