Breaking

কাকপথাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন ট্ৰাক জব্দ…

0 1,025

সম্প্ৰতি ৰাজ্যখনত উজনিৰ পৰা নামনিলৈ ধাৰাবাহিকভাৱে চোৰাং কাঠৰ বেহা অব্যাহত আছে যদিও বিভাগটো এই ক্ষেত্ৰত চকু মুদা ভাঁও ধৰি অহাহে পৰিলক্ষিত হৈছে। ইতিমধ্যে কিছুমান বনদস্যুৰ কবলত পৰি বহুতো মূল্যৱান কাঠৰ লালসাত পৰি বন ধ্বংস অভিযান চলাই আছে  এচাম অসাধু ব্যৱসায়ীয়ে।অসম -অৰুণাচল সীমান্তৱৰ্তী ডিৰাক গেটৰ দিশটো এতিয়া চোৰাং কাঠৰ কৰিডৰ ৰূপে বিবেচিত হৈছে। যোৱা কিছুদিন ধৰি চোৰাং কাঠৰ বিৰুদ্ধে বাতৰি পৰিবেশন হৈ থকা সময়তে আজি তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাকত চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰিছে কাকপথাৰ বন বিভাগে ।

জানিব পৰা মতে কাকপথাৰ বনাঞ্চলিক বিষয়া পানেশ্বৰ দাসৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে কাকপথাৰৰ অসম অৰুণাচল সীমান্তৱতী ডিৰাকত আজি পুৱাই চোৰাং কাঠসহ এখন ট্ৰাক জব্দ কৰে।ট্ৰাকখনৰ চালক হেণ্ডিমেনে বন বিভাগৰ লোকক দেখি ট্ৰাক খন এৰি পলাবলৈ লওতে বন বিভাগৰ কৰ্মীয়ে লোক দুজনক আটক কৰিবলৈ সক্ষম হয়।ট্ৰাকখনৰ নম্বৰ এ.এচ ০১- এইচ.চি ৯৬৭৫।  চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ২.৫০ লাখ বুলি বন বিভাগে জানিবলৈ দিছে। প্ৰণিধানযোগ্য যে অসম চৰকাৰৰ বন বিভাগে এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবী কৰিলেও  এতিয়াও যে অবৈধ ভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত আছে সেইটো ধ্ৰুৰূপ।

Leave A Reply