Breaking

ধুবুৰীৰ আগমনিৰ কালডোৱাত ৯ টা চোৰাং গৰুসহ জব্দ এখন বাহন, দুজনক আটক…

0 22

ধুবুৰী জিলাৰ আগমনি আৰক্ষী থানাৰ অন্তৰ্গত কালডোৱাত বলোৰো পিক আপ ভেনসহ ৯ টা চোৰাং গৰু জব্দ। আটক ৰহমত আলী আৰু আলী হুছেইন। বহি: ৰাজ্যৰ পৰা ভিতৰুৱা চোৰাং পথেৰে নিশা AS 17C / 5576 নম্বৰৰ বলোৰো পিক আপ ভেনত খেৰৰ আৰত ৯ টা চোৰাং গৰু কঢ়িয়াই গৌৰীপুৰ অভিমুখে গৈ আছিল। যদিও গোলকগঞ্জ আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত গাড়ী খন ৰখাৰ নিদ্দেশ দিয়ে। চালকে গোলকগঞ্জ আৰক্ষীৰ নিদ্দেশ অমান্য কৰি গাড়ী ঘুৰাই পুনৰ আগমনি হৈ বংগলৈ তীব্ৰ গতিত গতি কৰে। গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলেও গাড়ী খন খেদি যায়। ইপিনে খবৰ পাই আগমনিত আৰক্ষীয়ে বেৰিকেড লগাই দিয়ে।

কিন্ত চালকে আৰক্ষীৰ বেৰিকেড ভাঙি কালডোৱা হৈ বংগলৈ যোৱাত কালডোৱাত এজন বাইক আৰোহীক খুন্দা মাৰে। বাইক আৰোহী গুৰতৰ ভাৱে আহত হোৱাত ক্ষুদ্ধ ৰাইজে বলোৰো পিক আপ ভেন আটক কৰে। গোলোকগঞ্জ আৰক্ষীয়ে চালক আৰু হেন্ডিমেন ৰহমত আলী আৰু আলী হুছেইনক আটক কৰি আগমনি আৰক্ষীক গতাই দিয়ে। জব্দকৃত বলোৰো পিক আপ ভেনত খেৰৰ আৰত লুকুৱাই অনা ৯ টা চোৰাং গৰু উদ্ধাৰ কৰে। আনহাতে আহত বাইক আৰোহী বকুল ৰায়ক আগমনি চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে বহি: ৰাজ্যৰ পৰা আগমনি আৰক্ষীৰ বেৰিকেট পাৰ হৈ কেনেকৈ চোৰাং গৰু সৰবৰাহ হৈ আহিছে সেয়া ৰহস্যৰ সৃষ্টি কৰিছে।

Leave A Reply