Breaking

ডুবাইত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি, ভাৰত মাতা কি জয়ৰ ধ্বনি…

0 47

ডুবাইত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি, বিশ্ব জলবায়ু একচন সন্মিলন (COP28)ত অংশগ্ৰহণৰ বাবে বৃহস্পতিবাৰে ডুবাইত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতীয় সমাজে তেওঁক আদৰণি জনায়। ডুবাইৰ উপ-প্ৰধানমন্ত্ৰী শ্বেখ ছৈফ বিন জায়েদ আল নাহায়ানে (এইচ এইচ শ্বেখ ছৈফ বিন জায়েদ আল নাহায়ানে) বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক গ্ৰহণ কৰে। তাতেই প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হয়। ডুবাইত প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ আনন্দত বন্দে মাতৰম আৰু ভাৰত মাতা কি জয়ৰ শ্ল’গানেৰে ৰাইজে উত্তাল কৰি তোলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১ ডিচেম্বৰত COP-28 ৰ বিশ্ব জলবায়ু কাৰ্য্য সন্মিলনত অংশগ্ৰহণ কৰিব।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে লিখিছে, ‘ক’প-২৮ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাইত উপস্থিত। এতিয়া শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ বাবে অপেক্ষা কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে এটা উন্নত গ্ৰহ সৃষ্টি কৰা। জলবায়ু কাৰ্য্যৰ ক্ষেত্ৰত ইউ এ ই ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। সামাজিক আৰু অর্থনৈতিক উন্নয়নৰ পথত ভাৰতে সদায় জলবায়ু ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ ডুবাইত ভাৰতীয় সমাজে লাভ কৰা উষ্ম আদৰণি দেখি মোৰ মন চুই গৈছে। তেওঁলোকৰ সহযোগিতা আৰু উৎসাহ আমাৰ সজীৱ সংস্কৃতি আৰু সুদৃঢ় সম্পৰ্কৰ প্ৰমাণ।


ডুবাইত ভাৰতীয় সমাজৰ ৰাইজেও প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়।


Leave A Reply