Breaking

দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ উদ্যোগত সপ্তাহযোৰা বৃক্ষৰোপণ কাৰ্যসূচী…

0 70

বিশ্ব ধৰিএী দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট জিলা বিভিন্ন স্থানত সপ্তাহযোৰা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে।আজি প্ৰথমটো দিনত সংগঠনটোৰ যোৰহাট জিলা সভাপতি ৰাজীৱ শৰ্মা,সমাজকৰ্মী মানস প্ৰতীম বৰুৱা,বিশিষ্ট ব্যৱসায়ী পংকজ শৰ্মাৰ লগতে আঞ্চলিকৰ বিষয়ববীয়া সকলৰ উপস্থিতিত দেৰগাঁও শান্তিপুৰৰ পৰা হাঁহছোৱা সংযোগী পথত সংগঠনটোৱে গ্ৰহণ কৰিছে বৃক্ষৰোপণৰ কাৰ্যসূচী।

১ জুনৰ পৰা ৭জুনলৈকে সপ্তাহযোৰা বৃক্ষৰোপণৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ মূল্যৱান গছপুলি জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Leave A Reply