যি সকল ভলীবল খেলুৱৈৰ যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত অসমৰ ভলীবলে আজিৰ এই অৱস্থা পাইছে সেইসকলৰ ভিতৰত দীপক ওজাৰ নাম অন্যতম। ৬ফুট ২ ইঞ্চি উচ্চতাৰ দীৰ্ঘদেহী দীপক ওজাৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত ওডালগুৰিত। দেউতাকৰ নাম আছিল ভাৰত চন্দ্ৰ ওজা আৰু মাকৰ নাম কিৰণ ওজা। ১৯৭৫ চনত ওডালগুৰিৰ পূৰ্বজ্যোতি যুৱ সমাজৰ উদ্যোগত অৰবিন্দ দাসৰ নেতৃত্বত দীপক ওজাই ভলীবলৰ আদি পাঠ গ্ৰহণ কৰিছিল। ১৯৭৬-৭৭ চনত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, নলবাৰীত অনুষ্ঠিত হোৱা ৰীনা বৰ্মন সোঁৱৰণী ভলীবল প্ৰতিযোগিতাত তেওঁ ওডালগুৰি দলক প্ৰতিনিধিত্ব কৰি খেলুৱৈ জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। ইখনৰ পিছত সিখন আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে চিনাকী দিবলৈ সক্ষম হৈছিল।

১৯৭৬ চনৰ পৰা ১৯৯৮ চনলৈ জুনিয়ৰ আৰু চিনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত তেওঁ ওডালগুৰি আৰু গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ১৯৮২ চনত ভূপালত অনুষ্ঠিত হোৱা ৩১ সংখ্যক চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৮২ চনত তেওঁ অসম ৰাজ্যিক বিদ্যুত পৰিষদত চাকৰিত যোগদান কৰে। সেই সময়ত অসমৰ ভলীবলত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ যথেষ্ট সুনাম আছিল। অসমৰ বিভিন্ন জিলাৰ আমন্ত্ৰণমূলক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত দলটো অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দলটোত দীপক ওজাৰো দায়িত্ব বাঢ়িছিল। নিজৰ প্ৰদৰ্শন উন্নত কৰি এজন সুদক্ষ ভলীবল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। তেওঁ সেইসময়ৰ সুদক্ষ ভলীবল খেলুৱৈ সৰ্বেশ্বৰ মেধিৰ তত্বাৱধানত ভলীবলৰ যথেষ্ট কথা শিকিবলৈ পোৱা বুলি অকপটে স্বীকাৰ কৰে। তেওঁৰ লগত একেলগে খেলা প্ৰখ্যাত খেলুৱৈ সকলক আজিও মনত কৰি তেওঁ নস্তালজিক হৈ পৰে। ভগৱান উজিৰ, দৰবেচ আলী, বিশ্বজিৎ মজুমদাৰ, দিলীপ চৌধুৰী, গুৰু প্ৰসাদ ঠাকুৰীয়া, নিৰোদ চৌধুৰী, জগদীশ দত্ত, প্ৰদীপ শৰ্মা, ইউচুফ আলী, পৰীক্ষিত, নীৰেন শৰ্মা আদিৰ লগত খেলাটো তেওঁৰ বাবে সৌভাগ্য বুলি ভাবে। শিৱসাগৰৰ ৰাখাল, থমাচ, কামাখ্যা আদিৰ নাম শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰে। ২০২০ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰে। অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই তেওঁ গুৱাহাটী ভলীবল ক’চিং চেন্টাৰৰ খেলপথাৰত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। বিয়লি ৩-৩০ বজাৰ পৰা মিনি আৰু চাব জুনিয়ৰৰ প্ৰায় ৬০ গৰাকী ল’ৰা-ছোৱালী উভয় শাখাতে তেওঁ প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰত আজিও সকলো অভিভাৱক সচেতন হৈ উঠা নাই বুলি প্ৰবীন খেলুৱৈ গৰাকীয়ে প্ৰকাশ কৰিছে। ক্ৰীড়াক এতিয়াও কেৰিয়াৰ হিচাপে গ্ৰহন কৰাৰ সাহস গোটাব পৰা নাই খেলুৱৈ সকলে। তেওঁ এতিয়াও অসমৰ ভলীবলক লৈ যথেষ্ট আশাবাদী। কিয়নো ২০১৯ চনৰ পৰা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত অসম ভলীবল মিছন-১০০ৰ উদ্যোগত চলি আছে ব্ৰহ্মপুত্ৰ ভলীবল লীগ। ইতিমধ্যে এই লীগক বিশ্ব ভলীবল সন্হাই স্বীকৃতি প্ৰদান কৰি লীগখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। দীপক ওজাৰ মতে অসমত এনেদৰে ভলীবল আগবঢ়ি গৈ থাকিলে অসমৰ ভলীবল ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন ডাঙি ধৰি সফলতা লাভ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ইয়াৰ বাবে তেওঁ অভিজিৎ ভট্টাচাৰ্যৰ লগতে অসম ভলীবল মিছন-১০০ৰ পৰিয়ালবৰ্গক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসমত বহুত ভাল ভাল ভলীবল খেলুৱৈৰ জন্ম হৈছিল।

এটা সময়ত তেওঁলোকে সৰ্বস্ব উজাৰি খেলি, খেলুৱৈ হিচাপে প্ৰতিষ্ঠিত হৈ জীৱন জীবিকাৰ পথ লাভ কৰি এতিয়া অৱসৰী জীৱন কটাই থকা পৰিলক্ষিত হৈছে। তেওঁলোকে নিজে ভাল খেলিলে সঁচা কিন্তু তেওঁলোকে পিচৰ প্ৰজন্মৰ বাবে একো এটা কৰা পৰিলক্ষিত নহ’ল। তেওঁলোকে খেলুৱৈ সৃষ্টি কৰাটো দূৰৈৰ কথা পিছলৈ এওঁলোক ভলীবলৰ লগত জড়িত হৈ নাথাকিল। এসময়ত খেলপথাৰত দপদপাই থকা খেলুৱৈ সকলৰ এনে অৱস্থা হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক কথা। ভলীবলৰ বাবে কৰণীয় তেওঁলোকৰ যথেষ্ট আছিল কিয়নো ভলীবলৰ জড়িয়তে তেওঁলোকে অসমত চিনাকি হ’ব পাৰিছিল। এওঁলোকৰ সহযোগ থাকিলে অসমৰ ভলীবলে আৰু অধিক সফলতা লাভ কৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰিছে সচেতন ক্ৰীড়া প্ৰেমীয়ে। ইয়াৰ মাজতে অৱশ্যে আজিও বহু প্ৰাক্তন ভলীবল খেলুৱৈয়ে নিজৰ গাঁঠিৰ ধন খৰছ কৰি ভলীবলক বচাই ৰখাৰ স্বাৰ্থত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে। হেজাৰ বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকৰ মৰমৰ খেলবিধৰ বাবে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি থকা পৰিলক্ষিত হৈছে। যাৰ বাবে আজিও অসমত ভলীবল সন্মান সহকাৰে জীয়াই আছে। ইয়াৰ ভিতৰত নিঃসন্দেহে দীপক ওজাৰ নাম অন্যতম হিচাপে বিবেচিত হ’ব।

