Breaking

ডবকা ভেলৌগুৰিত বাসগৃহত অগ্নি কাণ্ডৰ ফলত জীৱম্তে অগ্নি দগ্ধ হৈ মহিলাৰ কৰুণ মৃত্যু

0 78

হোজাই মহকুমাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰি আদৰ্শ গাৱত আজি পুৱা পাচ বজাত অগ্নি কাণ্ডৰ ফলত এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

খবৰ অনুসৰি পুৱা পাচ মান বজাত ভেলৌগুৰি আদৰ্শ গাঁৱত থকা মৃত অনিল বৰাৰ ৬৫ বছৰীয়া পত্নী সৰুমাই বৰা শুই আছিল বিচনাত৷ পুত্ৰ টুপনিৰ পৰা উঠি  মৰনিং ৱাক কৰিবলৈ যোৱাৰ পিছতেই অগ্নি কাণ্ড সংঘটিত হয় বাসগৃহত৷

শ্বটচাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷ শুই থকা অৱস্থাত বাসগৃহৰ ভিতৰৰ পৰা সৰুমাই বৰা নামৰ বৃদ্ধা গৰাকীয়ে কাতৰ চিঞৰ বাখৰ কৰে যদিও জুইৰ প্ৰভাৱ অধিক হোৱাৰ বাবে  পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰিব নোৱাৰে,ফলত বাসগৃহৰ লগতে জ্বলি ছাঁই হয় বৃদ্ধা কৰাগী৷

পিচত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়ে৷

Leave A Reply