Breaking

এগৰাকী মহিলাই একেৰাহে দুদিন দুটা সন্তান জন্ম দিলে! কেনেকৈ সম্ভৱ?

0 54

আগদিনা এটা তাৰ পিছদিনা এটা-একেৰাহে দুটা সন্তান জন্ম দিয়ে এগৰাকী মহিলাই । এই অদ্ভুত কাণ্ড সংঘটিত হৈছে আমেৰিকাত। ৩২ বছৰীয়া কেলচে হেচাৰৰ দুটা জৰায়ু আছে। ১৯ ডিচেম্বৰত মহিলাগৰাকীয়ে কন্যা সন্তান জন্ম দিয়ে আৰু ২০ ডিচেম্বৰত মহিলাগৰাকীয়ে আন এগৰাকী কন্যা সন্তান জন্ম দিয়ে। এই অবিশ্বাস্য প্ৰসৱৰ খবৰটো মহিলাগৰাকীয়ে নিজেই নিজৰ ছ’চিয়েল মিডিয়া পেজত সকলোৰে সৈতে শ্বেয়াৰ কৰে।

যমজ সন্তান হ’লেও জন্মদিন বেলেগ বেলেগ। ১৭ বছৰ বয়সত মহিলাগৰাকীয়ে গম পায় যে তেওঁৰ শৰীৰত দুটা জৰায়ু আছে। বিশ্বৰ মাত্ৰ ০.৩ শতাংশ মহিলাৰহে দুটা জৰায়ু থাকে। দুয়োটা জৰায়ুৰ নিজস্ব ডিম্বাশয় আৰু ফেল’পিয়ান টিউব থাকে। দুটা জৰায়ুত একেলগে গৰ্ভধাৰণ হোৱাটো আৰু বিৰল। প্ৰতি এক লাখ মহিলাৰ ভিতৰত এগৰাকীৰ ক্ষেত্ৰত এনেকুৱা হয়।

ইয়াৰ পূৰ্বে কালচেই তিনিটা সন্তান জন্ম দিছিল। এইবাৰো প্ৰথমে তাই ভাবিছিল যে তাইৰ গৰ্ভত মাত্ৰ এটা সন্তান আছে। কিন্তু আল্ট্ৰাছাউণ্ডৰ পিছত তাই গম পালে যে তাই যমজ সন্তানৰ মাতৃ হ’ব, যি দুটা বেলেগ বেলেগ গৰ্ভত ডাঙৰ হৈ আছে।

দুটা জৰায়ু থাকিলে মাতৃত্ব বিপদজনক নেকি?

চিকিৎসকৰ মতে এই ক্ষেত্ৰত জৰায়ুৰ আকৃতিয়ে সাধাৰণতে গৰ্ভধাৰণত বাধা নিদিয়ে। কিন্তু কেতিয়াবা জৰায়ুৰ আকাৰে ভ্ৰুণৰ বৃদ্ধি সীমিত কৰিব পাৰে। গৰ্ভৰ অস্বাভাৱিক আকৃতিয়েও সেই ঠাইলৈ তেজৰ সোঁতত প্ৰভাৱ পেলাব পাৰে। গতিকে গৰ্ভপাতৰ আশংকা থাকে। অকাল জন্ম হোৱাৰ আশংকা থাকে। এই অৱস্থাত থকা বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত প্ৰচণ্ড ৰক্তক্ষৰণ আৰু বিষ অনুভৱ কৰে। সন্তান গৰ্ভধাৰণতো সমস্যা হ’ব পাৰে।

Leave A Reply