Breaking

চিকিৎসালয়লৈ নিয়াৰ পথত এম্বুলেন্সৰ ভিতৰতে তিনিটা সন্তান জন্ম দিলে মধ্য প্ৰদেশৰ মহিলাই

0 56

মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ এখন চিকিৎসালয়লৈ নিয়াৰ সময়তে এগৰাকী ২৪বছৰীয়া মহিলাই এম্বুলেন্সত তিনিটা সন্তানৰ জন্ম দিয়ে। তিনিওটি সন্তান ল’ৰা সন্তান বুলি বুলি এগৰাকী স্বাস্থ্য বিষয়াই জানিবলৈ দিছে।

শুকুৰবাৰে সন্ধিয়া পেটৰ বিষৰ অনুভৱ কৰাৰ পিছতে পিপলিয়া গোলী গাঁৱৰ জ্যোতি বাইক প্ৰথমে গোহাৰগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। অৱশ্যে তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ১০৮ এম্বুলেন্সেৰে ভূপালৰ চৰকাৰী চুলতানিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই এম্বুলেন্সতে মহিলাগৰাকীয়ে তিনিটাকৈ সন্তানৰ জন্ম দিয়ে।

এম্বুলেন্সত মহিলাগৰাকীৰ সৈতে যোৱা ড০ সন্দীপ মাৰাণে কয় যে তেওঁ যাত্ৰাৰ সময়ত প্ৰসৱ বেদনাত চটফটাই আছিল। ভূপালৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মাণ্ডিদীপৰ ওচৰত তেওঁ সন্তান তিনিটা প্ৰসৱ কৰে।

মাৰাণে লগতে কয় যে মাতৃ আৰু তেওঁৰ তিনিওটা নৱজাতক সন্তানক চুলতানিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়। মাতৃ আৰু সন্তান কেইটি বৰ্তমান সুস্থ অৱস্থাত থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

Leave A Reply