Breaking

ধুবুৰীত পুনৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক।

0 2,023

যি সময়তে সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামণৰ সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে ধুবুৰী  চহৰৰ এ, এম, কো, ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীৰ ছিদ্দিক আলিৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে। জানিবপৰা মতে বহুদিনৰ পৰাই ছিদ্দিক আলি আৰু তেওঁৰ পত্নীয়ে মিলি এই অবৈধ ড্ৰাগছ ব্যৱসায়ীয় চলাই আহিছে। স্বামী স্ত্ৰী দুয়ো মিলি নতুন নতুন কৌশল অৱলম্বন কৰি এই নিচা জাতীয় টেবলেট সৰবৰাহ কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আছিয়া বিবিক নিচা জাতীয় টেবলেট সহ আটক কৰে আৰু তেওঁৰ স্বামী ছিদ্দিক আলী পলাই পতংক দিয়ে। বৰ্তমানে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সাংবাদিক এক প্ৰশ্ন উত্তৰত আৰক্ষীয়ে কয় যে তেওঁলোকে যিমানেই নতুন কৌশল অৱলম্বন নকৰক কিয় এতিয়াৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক তীব্ৰতাৰে অভিযান অব্যাহত থাকিব।

Leave A Reply