Breaking

নলবাৰীত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাৱলম্বী এগৰাকী মহিলা

0 79


নলবাৰী বিদ্যাপুৰৰ এগৰাকী উচ্চ শিক্ষিত মহিলা । নাম তেখেতৰ ববিতা ভাৰ্গৱ  । বিগত ২০১৫ চনত ববিতা ভাৰ্গৱে কেক বেকাৰী আৰু বেকিং ট্ৰেইনিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । সেইমৰ্মে মহিলা গৰাকীয়ে নিজা একক প্ৰচেষ্টাত কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণৰ পিছত বিগত ২০১৮ চনত বি বি কেকচ্ এণ্ড বেকিং ট্ৰেইনিং চেন্টাৰ এখন গঢ় দিলে  ।

ববিতা ভাৰ্গৱে নিজাকৈ অৰ্দাৰ অনুসৰি জন্মদিন,উৎসৱ-পৰ্ব আদিৰ কেক বনোৱাৰ লগতে নলবাৰী জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় এক শতাধিকৰ অধীক  পুৰুষ-মহিলাক প্ৰশিক্ষণ প্ৰদান কৰিছে  । ববিতা ভাৰ্গৱে এই ব্যৱসায়ৰ যোগেৰে নিজৰ লগত ভালেকেইগৰাকী পুৰুষ-মহিলাৰ স্বাৱলম্বীতাৰ পথ নিদৰ্শন কৰিছে

Leave A Reply