Breaking

কঠোৰ অনুশীলনত ব্যস্ত এজাক নিবনুৱা যুৱক – যুৱতী

0 1,542

অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ এইলৈ এক চেপ্তেম্বৰৰ পৰা আৰম্ভ হব ৰাজ্যৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া ৷মুঠ ৬৬৬২ জন কনিষ্টবল নিযুক্তিৰ বাবে ইতিমধ্যে ১৫ খন জিলাত আৰম্ভ হৈছে এই নিযুক্তি প্ৰক্ৰিয়া ৷এই বাতৰি পোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকল  |বৰপেটাৰোডটো তাৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷কনিষ্টবল পদত নিযুক্তি পাব বিচৰা নিবনুৱা যুৱক যুৱতী সকলে পুৱা গধূলি চলাই আছে কঠোৰ অনুশীলন ৷ বৰপেটাৰোড ডেভেলপমেণ্ট ফ’ৰামৰ উদ্যোগত আৰু বৰপেটাৰোড ফিজিকেল ট্ৰেইনিং একাডেমিৰ সহযোগত এই লৈ আৰম্ভ হৈছে এক বিশেষ প্ৰশিক্ষণ শিবিৰ ৷ যোৱা ১৭ আগষ্টৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হোৱা শিবিৰটোত বৰপেটাৰোধ অঞ্চলৰ প্ৰায় ৪ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ৷ অসম আৰক্ষী, প্ৰাক্তন সেনা জোৱান, নৌ সেনা, এছ এছ বি আৰু শাৰীৰিক প্ৰশিক্ষকৰ তত্ত্বাৱধানত চলা এই প্ৰশিক্ষণত শাৰীৰিক সক্ষমতা বৃদ্ধি, মানসিক উৎকৰ্ষ সাধন আৰু লিখিত পৰীক্ষাৰ অনুশীলন কৰি থকা হৈছে ৷এই প্ৰশিক্ষণ গ্ৰহণ কৰি উৎসাহিত হৈ পৰিছে যুৱক যুৱতী সকল ৷তেওঁলোকে আশা প্ৰকাশ কৰিছে চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হব আৰু উপযুক্ত সকলে নিযুক্তি পোৱাৰ সুযোগ লাভ কৰিব ৷

Leave A Reply