ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ ১ নং বাজুগাঁও গাঁৱৰ এজনী যুৱতী অসম আৰক্ষীত বাছনি হোৱাত পৰিয়ালত আনন্দ বিৰাজ কৰিছে। এজনো চৰকাৰী চাকৰি নথকা দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ যুৱতী গৰাকীয়ে গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখনীয় বিষয় যে যুৱতী জনীৰ পিতৃ জিন্নাৎ আলী তালুকদাৰ আৰু মাতৃ আবিৰন বিবি দিল্লীত থাকি দিন হাজিৰা কৰি অতি কষ্টৰ মাজেৰে পৰিয়াল পোহপাল দি আছিল।
যুৱতী গৰাকী তাইৰ মামাৰ ঘৰত থাকি পঢ়াশুনা কৰিছিল।১ নং বাজুগাঁওৰ বাসিন্দা জিন্নাৎ আলী তালুকদাৰৰ কণ্যা জেছমিনাৰা বেগম (২১) অসম আৰক্ষীত বাছনি হয়। এটা টকা খৰচ নকৰি নিজৰ দক্ষতা আৰু স্বচ্ছতাৰে চাকৰি লাভ কৰাত বিজেপি চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।মুখ্যমন্ত্ৰী গৰাকীয়ে নিবনুৱা যুৱক যুৱতীৰ বাবে পদক্ষেপ লোৱাত বিনা টকাত চাকৰি পোৱা বুলি প্ৰকাশ কৰে জেছমিনাৰা বেগমে।
গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

