গৌৰীপুৰ থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি আলমগঞ্জ বজাৰত অভিযান চলাই এক বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰা যুৱক জনৰ নাম হৈছে নাজিমুল হক। নাজিমুল হকৰ ঘৰ হৈছে দামপুৰ দ্বিতীয় খণ্ড গাৱঁত। নাজিমুল হকে মটৰ ছাইকেলেৰে আহি থকা অৱস্থাত আটক কৰে আৰক্ষীয়। মটৰ ছাইকেল খনৰ নম্বৰ হৈছে AS 17 M 0403।



গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতু জ্যোতি নাথ আৰু নগৰ উপ-পৰিদৰ্শক কপিল শৰ্মা দাসৰ নেতৃত্বত এই অভিযান চলাই ড্ৰাগছ সহ এজন যুৱকক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

