কালি বিয়লি (aadhyashree upadhyay) গৃহভূমিত SONY টিভিৰ জনপ্ৰিয় অনুষ্ঠান ছুপাৰ ডান্সাৰৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি আধ্যাশ্ৰীক। হাতত ট্ৰফী লৈ বিমানবন্দৰৰ বাহিৰলৈ ওলাই আহিল আধ্যাশ্ৰী। বিমানবন্দৰতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনালে শ্ৰদ্ধাঞ্জলি।
জুবিনৰ বিষয়ে আধ্যাশ্ৰীয়ে ক’লে-‘জুবিন মামাৰ আৰ্শীবাদ লৈ মুম্বাইলৈ গৈছিলো’ ‘মই জয়ী হৈ আহিম বুলি কৈছিলো’ ‘এতিয়া ট্রফী দেখুৱাবলৈ জুবিন মামা নাই’ ‘মই সোণাপুৰলৈ গৈ জুবিন মামাক ট্ৰফী দেখুৱাম’ ‘জুবিন মামা মোৰ বাবে ভগৱান’ ‘I WANT JUSTICE FOR ZUBEEN GARG’
চিলাপথাৰৰ কন্যা আধ্যাশ্ৰীৰ সফলতাত গৌৰৱান্বিত অসমবাসী। বৰঝাৰ বিমানবন্দৰৰ পৰা সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ ৰাওনা নৃত্যশিল্পীগৰাকী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত SUPER DANCER CHAPTER 5ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায় উপস্থিত হৈ চকুলো টুকি সমাধিস্থলীতে সেৱা লয় আধ্যাশ্ৰীয়ে।
গৰিমা শইকীয়া গাৰ্গক লগ কৰি আধ্যাশ্ৰী উপাধ্যায়ে ক’লে আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিব, আপুনি শক্তিশালী হৈ থাকিব।

