Breaking

আজি খ্ৰীষ্টমাছঃ কেৰলৰ ধ্বনিৰে মুখৰিত হ’ব বিশ্ব

0 1,191

আজি পবিত্ৰ বৰদিন৷ প্ৰতি বছৰেই যীশুৰ জন্মদিন ২৫ ডিচেম্বৰটো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে খ্ৰীষ্টমাছ বা বৰদিন হিচাপে পালন কৰে৷ বৰদিন বা খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোক সকলে গীৰ্জাত যীশুক স্মৰণ কেৰল গোৱা দেখিবলৈ পোৱা যায় ৷ বৰদিন মানেই যেন সকলোৰে বাবে এক আনন্দৰ উৎসৱ ৷

মানুহৰ মাজত সুখ, হাঁহি, মৰম  ভালপোৱা বিলোৱা উৎসৱ বৰদিন৷ খ্ৰীষ্টমাছ বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে খ্ৰীষ্টমাছ ট্ৰি আৰু পোহৰেৰে ঘৰ সজাই তোলা, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ধৰ্মীয় ৰীতি-নীতি পালন কৰা আৰু ভিন্ন সুস্বাদু খাদ্যৰ অপূৰ্ব সমাহাৰ৷ যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তাৰ পৰিৱৰ্তে দেখা যায় যে বিশ্বৰ প্ৰায় সকলো জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে খ্ৰীষ্টমাছ পালন কৰে৷


কিন্তু সময় আমাৰ বাবে খুবেই জটিল৷ ক’ৰোনা মহামাৰীৰ বাবে স্তদ্ধ হৈ পৰা বিশ্ববাসীলৈ সাধাৰণ জীৱন ঘুৰি আহিছিল যদিও আকৌ বিশ্বখনক যেন এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ লৈ গ’ল কাল অ’মিক্ৰনে৷ ইখনৰ পাছত সিখন দেশলৈ বিয়পি পৰিছে অমিক্ৰন সন্ত্ৰাস৷ সেয়েহে সকলো লোকে সাৱধানতাৰে এই উৎসৱ পালৱ কৰিবলৈ আহ্বান জনাইছে সকলোৱে৷

Leave A Reply