Breaking

উজনি অসমত ক্রমে বৃদ্ধি আম আদমি পাৰ্টীৰ জনপ্রিয়তা, বৃদ্ধি দলীয় শক্তি

0 95

২০২৪ ৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সংগঠন শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে আম আদমি পাৰ্টীয়ে।

এই উদ্দেশ্যেৰে আজি দলটোৰ ৰাজ্যিক উপ- সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কমাৰপট্টী পঞ্চায়তত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় দুই শতাধিক নেতা-কর্মীয়ে দলটোৰ আদৰ্শ আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।

সভাত উপস্থিত থাকি আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই বিজেপি দল আৰু চৰকাৰক চোকা সমালোচনা কৰি ‘আপ’ত যোগদান কৰি উন্নয়নৰ ৰাজনীতি অসমত প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায়।

সভাত উপস্থিত থাকি ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে নতুনকৈ যোগদান কৰা সকলোকে দললৈ আদৰণি জনায় আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে তিনিচুকীয়া জিলাৰ সকলো পঞ্চায়তত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সাংবাদকিৰ আগত মতপ্রকাশ কৰে৷

Leave A Reply