Breaking

উজনি অসমত ক্ৰমাত বৃদ্ধি আম আদমী পাৰ্টীৰ জনপ্ৰিয়তা, বৃদ্ধি পাইছে দলীয় শক্তি

0 101

ডিব্ৰুগড় মিলন নগৰ স্থিত পেঞ্চনাৰ ভৱনত আম আদমী পাৰ্টীৰ বৃহত যোগদান কাৰ্যসূচী।

শ শ লোকৰ যোগদান আম আদমীত। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি ” আপৰ “।

আজি ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হোৱা আপ’ৰ সাংগঠনিক সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহাৰ দুই শতাধিক আপৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে এই সাংগঠনিক কাৰ্যসূচীত। কাৰ্যসূচীত অংশগ্ৰহণ আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা, সাংগঠনিক সম্পাদক ৰিশি শৰ্মা, ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰী আৰু মনোজ ধানোৱাৰে অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আপৰ কৰ্মীসকলে কেনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰিবৰ, সেই সৰ্ম্পকত আলোচনা কৰা হয়। আজি কাৰ্যসূচীত প্ৰায় শতাধিক ভাৰতীয় জনতা পাৰ্টিৰ, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ কৰ্মীয়ে যোগদান কৰে এই সাংগঠনিক সভাত।

Leave A Reply