দৰঙৰ ধূলাৰ শ্বেৰপুৰত আমছুৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন । Darrang

৭ ফেব্ৰুৱাৰী, ২০২৫: Darrang । দৰং জিলাৰ ধূলাৰ শ্বেৰপুৰত আঞ্চলিক আমছুৰ বাৰ্ষিক সাধাৰণ সভা অত্যন্ত উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হয়। সাধাৰণ সভাৰ লগত সঙ্গতি ৰাখি এক সজাগতা সভাৰো আয়োজন কৰা হয়, য’ত বিভিন্ন বিষয়ত আলোচনা আৰু মতবিনিময় হয়।

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, যি দিনজোৰা কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্রহণ কৰে। সভাৰ বাবে আঞ্চলিক আৰু কেন্দ্ৰীয় নেতাসকলৰ উপস্থিতি এক বিশেষ আকৰ্ষণ হৈ উঠে।

অনুষ্ঠানৰ সময়ত দৰঙ জিলাৰ পৰা আমছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত নেতৃবৃন্দক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। লগতে, সুদীৰ্ঘ ২৪ বছৰ জাতীয় স্বাৰ্থত অবিচলভাৱে সেৱা আগবঢ়োৱা আমছুৰ সহকাৰী সাধাৰণ সম্পাদক ছাইফুল ইছলামে আনুষ্ঠানিকভাৱে সংগঠন এৰি বিদায় গ্রহণ কৰে। বিদায়ৰ এই মুহূর্তত আবেগিক পৰিবেশৰ সৃষ্টি হয়। আমছুৰ প্ৰতিজন কৰ্মীৰ লগতে ছাইফুল ইছলামে নিজেও আবেগত আপ্লুত হৈ পৰে।

সভাৰ ভাষণত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ছাইফুল ইছলামৰ দীৰ্ঘদিনীয়া কৰ্মৰাজি আৰু সংগঠনৰ প্ৰতি তেওঁৰ অবদানক বিশেষভাৱে দাঙি ধৰে। তেখেতে ছাইফুল ইছলামের নেতৃত্ব আৰু দায়িত্ববোধৰ প্ৰশংসা কৰে।

উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ তালিকা:
সভাত উপস্থিত থাকে আমছুৰ মুখ্য উপদেষ্টা আইউনুদ্দীন আহমেদ, সভাপতি ৰেজাউল কৰিম সৰকাৰ, উপদেষ্টা আব্দুৰ ৰহমান বিশ্বাস, কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন, সাধাৰণ সম্পাদক কুদ্দুছ আলি সৰকাৰ, সহকাৰী সাধাৰণ সম্পাদক তালেপ উদ্দীন আহমেদৰ লগতে আমছুৰ বিভিন্ন আঞ্চলিক আৰু কেন্দ্ৰীয় নেতৃবৃন্দ।

আনহাতে, সাংবাদিকৰ আগত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে অসম সাহিত্য সভাৰ সৈতে সংগঠনটোৰ প্ৰাসঙ্গিকতা আৰু সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে ইতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেখেতে অসম সাহিত্য সভাৰ সৈতে ঐক্যবদ্ধ হৈ আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দিনজোৰা কাৰ্যসূচী আৰু সমাপ্তিৰ লগত এই বাৰ্ষিক সাধাৰণ সভাই আমছুৰ একতা আৰু আগ্ৰগতিত নতুন দিশা সন্ধান কৰিবলৈ উৎসাহিত কৰে।

Related Articles