চাপৰৰ বিভিন্ন অঞ্চলত আমছুৰ উত্তাল প্ৰতিবাদ

মূখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ।    অসম চৰকাৰ হায় হায় । হিমন্ত বিশ্ব শৰ্মা গো বেগ। আদি শ্লগানেৰে পৰিৱেশন উত্তাল কৰি তোলে প্ৰতিবাদ কাৰী।    উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী লৈ আজিৰ এই প্ৰতিবাদ । ধুবুৰী জিলাৰ নিউ হাতিপতাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথকে ধৰি ৰঙামাটি আৰু বহলপুৰত মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদ আমছুৰ।আগত সংস্হাপন দিয়ক তাৰ পিছত উচ্ছেদ কৰক নহ’লে উচ্ছেদ বন্ধ কৰক। আৰু আৰক্ষীৰ গুলীত যি দুজন প্ৰতিবাদ কাৰী নিহত হৈছে সেই লোক দুজনৰ পৰিয়ালক দহ লাখ টকাৰ ক্ষতি পূৰণৰ দাবী জনায় আমছুৱে।আৰু উপায়ুক্তৰ কাৰ্যালয়ত কাম কৰা ফটো গ্ৰাফাৰ জনে যি অমানৱীয় কাৰ্য সংঘটিত কৰিছে সেই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা লগতে ফাচিৰ দাবী তুলিছে আমছুৱে।   

Related Articles