Breaking

‘আপ’ ৰ নাৰী দিৱস পালন

0 106

আম আদমি পাটীৰ ভগ্নী সংগঠন আপ মহিলা শক্তিৰ উদ্যোগত গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ লগতে আমন্ত্রিত অতিথি সকলৰ উপস্থিতি বিভিন্ন কাৰ্যসূচীৰে আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

দলটোৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ঠ সাহিত্যিক এলি আহমেদ, আন্তঃৰাষ্ট্ৰীয় মাৰ্চেল আৰ্ট খেলুৱৈ নৱণীতা সোণোৱালৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বহুকেইগৰাকী নাৰীক এখনি ফুলাম গামোচা, শৰাই, জাপি আদিৰে সন্মান আৰু সম্বৰ্দ্ধনা জনোৱা হয়।

আপৰ মহিলা শক্তিৰ সমন্বায়িকা অনুৰূপা বড়ো আৰু নিলাক্ষী কাকতিয়ে সকলোকে নাৰী দিৱসৰ শুভেচ্ছা জনাই নাৰীৰ নিৰ্যাতনৰ ঘটনাত দেশৰ ভিতৰতে শীৰ্ষত থকা অসমত এই ঘটনা ৰোধ কৰাৰ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷

Leave A Reply