শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ সন্দৰ্ভত ৰাজ্যপালক আপৰ স্মাৰকপত্ৰ

অসম চৰকাৰে মহানগৰীৰৰ শিলসাঁকোত জলাশয় সংৰক্ষণৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্য়াহত আছে। ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ বিশেষ স্মাৰকপত্ৰ।

ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰত আপে তিখিছে, “আমি আম আদমি পাৰ্টীৰ তৰফৰ পৰা আপোনাক অৱগত কৰিব বিচাৰো যে জলাশয় সংৰক্ষণৰ নামত অসম চৰকাৰে বহু বছৰ ধৰি বসবাস কৰি থকা অসমৰ খিলঞ্জীয়া শ শ পৰিয়ালক বহু দিনৰ পৰাই উচ্ছেদ চলাই আহিছে। খিলঞ্জীয়া এই পৰিয়ালসমূহক চৰকাৰে কোনো ক্ষতিপূৰণ তথা পুনঃসংস্থাপন নকৰাকৈ এই উচ্ছেদ কৰা কাৰ্য্য কোনো পধ্যে গ্রহণযোগ্য নহয়।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে এই উচ্ছেদিত পৰিয়ালৰ পৰা সম্পত্তি কৰ সংগ্ৰহ কৰিছিল, বিজুলী সংযোগ দিছিল, লোকনির্মাণে বিভাগে পথ নিৰ্মাণ কৰিছিল, ভূমি পট্টা নম্বৰ প্ৰদান কৰিছিল, যদি সেই স্থানত ঘৰ সজাটো অবৈধ হয় তেন্তে চৰকাৰে আৰম্ভণিতে বাধা প্ৰদান কৰিব লাগিছিল। পেটৰ তাড়নাত সংস্থাপনৰ বাট বিচাৰি শিলসাঁকোত বাস কৰা এই পৰিয়ালকেইটাক উচ্ছেদ চলোৱা কাৰ্য অমানবীয়।


সেয়েহে আমি আম আদমি পাৰ্টীৰ তৰফৰ পৰা আপোনাক এই উচ্ছেদ কাৰ্য বন্ধ কৰাৰ লগতে এতিয়ালৈকে উচ্ছেদ কৰা পৰিয়ালকসমূহক সম্পূৰ্ণ ক্ষতিপূৰ্ণৰ লগতে শীঘ্ৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ এই স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনালোঁ।”

Related Articles