Breaking

পুৰণিগুদামত ঝুমুৰা “পিম্পৰা গুচোৱা” আৰু অংকীয়া ভাওনা “ৰাম বিজয়”ৰ সফল মঞ্চায়ন…

0 31

অত্যাধুনিক যুগতো যে উঠি অহা নৱ প্ৰজন্মই অংকীয়া ভাওনাৰ সফল দৰ্শনী উপভোগ কৰি মন্ত্ৰমুগ্ধ হ’ব পাৰে; তাৰ পূৰ্ণ আভাস নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত যোৱা ২০ মাৰ্চত দেখিবলৈ পোৱা গ’ল৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন “অবিনশ্বৰ গোষ্ঠী”ৰ নাট্য- কলাকুশলীসকলে শ্ৰী শ্ৰীমন্ত মাধৱদেৱ বিৰচিত ঝুমুৰা “পিম্পৰা গুচোৱা” নাটখনি অতি সুন্দৰ ভৱে উপস্থাপন কৰা পৰিলক্ষিত হ’ল ৷ নামঘৰৰ আধ্যাত্মিক , সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ বিপৰীতে মঞ্চত , মঞ্চ সফল ঝুমুৰা শুদ্ধ ৰূপত ব্ৰজাৱলী ভাষাৰ সংলাপ প্ৰক্ষেপণেৰে পৰিবেশন কৰা নাটখনে শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে কৰিছিল আপ্লুত ৷ গায়ন-বায়নৰ পৰিবেশনো আছিল দৃষ্টিনন্দন৷ গাঁৱৰ নামঘৰ সমূহত অনুষ্ঠিত হোৱা বছেৰেকীয়া ভাওনবোৰত খোল প্ৰসঙ্গৰে যোৰা উঠা দৃশ্য গাওঁখনৰে বহুলোকে চাবলৈকে নাপায় ৷

প্ৰায় সকলো দৰ্শকে কৃষ্ণ প্ৰৱেশৰ সময়লৈ বাট চাই , কাণ উনাই থাকে ৷ সূত্ৰধাৰীয়ে যে গোটেই নাটখনৰ কাহিনীভাগ শ্ৰোতা-দৰ্শকৰ আগত উপস্থাপন কৰে , সেই কথাৰো ভূ ল’বলৈ বহু দৰ্শকৰ আগ্ৰহ , দেখা নাযায় ৷ কেৱলমাত্ৰ পৰম্পৰা ৰক্ষাৰ নামত বছেৰেকীয়া উৎসৱ হিচাপেহে ভাওনাবোৰ কৰা হয় যেন অনুভৱ হয় ৷ ইয়াৰ মাজতে অবিনশ্বৰ গোষ্ঠীয়ে নৱ প্ৰজন্মক অংকীয়া নাটৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ তথা শংকৰ- মাধৱ গুৰুদুজনাৰ সৃষ্টি ৰাজী প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ লোৱা প্ৰচেষ্টা সন্তোষজনক ৷ আন নহ’লেও নৱ প্ৰজন্মক অংকীয়া ভাওনাৰসিক দৰ্শক হিচাপে যে সৃষ্টি কৰিব পাৰিব ,এই কথা পৰিস্ফুত হৈছে ৷ নাটখনৰ বায়ন,নৃত্য আৰু সঙ্গীত পৰিচালনা আছিল বিনোদ ভূঞাৰ ৷ মঞ্চৰ নাতিদূৰৈত থাপনা পাতি পৰিচালক বিনোদ ভূঞাই ন-শিকাৰু এদল গায়ন-বায়নক লগত লৈ প্ৰদৰ্শন কৰা খোল প্ৰসঙ্গ, উপস্থিত শ্ৰোতা-দৰ্শকে মৌনহৈ উপভোগ কৰা পৰিলক্ষিত হয় ৷ নাটখনৰ যোৰাত আছিল ক্ৰমে, বিনোদ ভূঞা, ভাৰ্গৱ শইকীয়া , সুপ্ৰভাত বৰা , নীতিশ বৰা , মৌচুম ভূঞা আৰু দিশান্ত দিবং বৰা ৷ নাটখনত সূত্ৰধাৰ আছিল ধ্ৰুপদী নৃত্য বিশাৰদ ভাস্কৰ্য পূৰ্ণ গায়ন ৷ শিশু নাট্য শিল্পী মৃগাংক শেখৰ ভূঞা আৰু অনুভৱ বৈৰাগীয়ে ক্ৰমে কৃষ্ণ আৰু বলৰামৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ ঝুমুৰা নাটখনৰ গোপবালক গণ ক্ৰমে, বিমৃশা শইকীয়া, ৰিদ্দিশা বৰুৱা, প্ৰাজন বৰা, প্ৰজ্ঞাদীপ্তা বৰা,হৃষিতা হাজৰিকা, ঋতুস্মান বৰা। যশোদাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল , সত্ৰীয়া নৃত্য বিশাৰদ ৰুণজুন বৰাই আৰু তেওঁৰ সঙ্গী হিচাপে থকা গোৱালী সকল ক্ৰমে , ৰাজকুমাৰী ভূঞা, হিমাশ্ৰী সেনাপতি, সুপ্ৰিয়া বৰা,ভায়লীনা বৈৰাগী, জ্যোৎস্না সেনাপতি, চয়নিকা বৰঠাকুৰ, কৃষ্ণাক্ষী বৰা আৰু ৰাগিণী বৰা। সকলোৰে লয়লাস , নৃত্য শৈলী চালে চকু ৰোৱা ধৰণৰ আছিল ৷ নাটখনৰ পৰিকল্পনা আৰু পৰিচালনা বিশিষ্ট নাট্যকাৰ, পৰিচালক , অভিনেতা দীপক বৰাৰ ৷ আনখন নাটক শ্ৰী শ্ৰীমন্তশঙ্কৰদেৱ বিৰচিত “ৰাম বিজয়” অংকীয়া নাটখনৰো পৰিচালক আছিল দীপক বৰা ৷ সূত্ৰধাৰ আছিল ৰুবুল কুমাৰ মহন্ত ৷ অন্যান্য চৰিত্ৰ ৰূপায়ন কৰিছিল ক্ৰমে , ৰাজেন ফুকন – জনক ৰজা ; জয়ন্ত শইকীয়া – দশৰথ ; ৰঞ্জন তামুলী – ৰজা ; দীগন্ত কুমাৰ বৰা – মণিমন্ত্ৰ ; খগেন কুমাৰ গায়ন – পৰশুৰাম ; ৰূপজ্যোতি ভূঞা – ৰজা ; ৰবীন শইকীয়া – শ্ৰীকৃষ্ণ ; মিন্টু কলিতা – কৌশিক ; ৰঞ্জন কুমাৰ বৰা – লক্ষ্মন ; ৰাজদ্বীপ বৰা – শিষ্য ; ৰূপজ্যোতি বৰা – তাড়কা, ৰজা ; দুলমনি বৰা – ৰজা, মাৰীচ ; গৌৰৱ কলিতা – সুবাহু, ৰজা ; দীপক বৰা – পাৰিষদ ; জিতুমনি বৰা- পাৰিপদ ; হীমাশ্ৰী সেনাপতি – মদনমঞ্জৰী ; তনমী ফুকন – কনকাৱতী ; তুহীনকন্য বৰা – সীতা ; চয়নিকা বৰঠাকুৰ – সখী ; জ্যোৎস্না সেনাপতি- সখী ৷ দুয়োখনি নাটকৰ দোহাৰ হিচাপে আছিল বিনোদ চন্দ্ৰ ভূঞা, ভাৰ্গৱ শইকীয়া , প্ৰণামী কলিতা , দিপ্তী তামুলী, অনিল বৰা,দিশান্ত দিবং বৰা ,মৌচুম ভূঞা আৰু নিতীশ বৰা ৷ বাঁহী বাদনত আছিল , হেমন্ত বসুমতাৰী আৰু ভাৰ্গৱ শইকীয়া ৷ দুয়োখনি নাটকৰ অভিনেতা- অভিনেত্ৰী সকলৰ ৰূপসৌন্দৰ্য্যই শ্ৰোতা -দৰ্শকক মোহিত কৰিছিল ৷ ৰূপসজ্জাকাৰ মোহোৰাম ভূঞাৰ যাদুকৰী হাতৰ পৰশত চৰিত্ৰ সমূহ সঁচা অৰ্থত প্ৰকাশ হৈ উঠিছিল ৷ সাজ সজ্জাৰ দায়িত্বত আছিল ,দীপক বৰা আৰু ৰাজকুমাৰী ভূঞা ৷ কলা নিৰ্দেশনা— সন্তোষ বৰা , শ্যামকানু বৰা আৰু দ্বীপেন দাসৰ ৷

নাটখনিত ব্যৱহিত মুখা সমূহ নিৰ্মান কৰিছিল চিত্ৰ-ভাস্কৰ্য্য শিল্পী মৃদু মৌচুম বৰাই ৷ আনহাতে , আলোক সজ্জাৰ গুণগত মানদণ্ড উন্নত আছিল ৷ আলোক সজ্জাৰ দায়িত্বত আছিল , সু অভিনেতা তথা নাট পৰিচালক ৰাজেন ফুকন আৰু প্ৰশান্ত বৰা ৷ মঞ্চ পৰিচালক — প্ৰিয়াংকুশ বৰা ,সীমান্ত বৰা আৰু প্ৰডাকচন নিয়ন্ত্ৰক —মোহিত বৈৰাগী আৰু থানেশ্বৰ বৰাৰ সঠিক ভূমিকাৰ বাবেই নিয়মানুসাৰে নাট দুখনি পৰিৱেশন হোৱা বুলি ক’ব পৰা যায় ৷ দুয়োখনি নাটকৰে অভিনেতা -অভিনেত্ৰী সকলে সাৱলীল অভিনয় কৰিছিল আৰু সামগ্ৰিকভাৱে দুয়োখনি নাট উপভোগ্য আছিল তথা উপস্থিত শ্ৰোতা-দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷

Leave A Reply