AASU: হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !

দুলীয়াজানৰ তেল ডিপো কাণ্ডই নিত্য নতুন মোৰ লৈছে৷(AASU)তেল ডিপোত সংঘটিত অপ্ৰীতিকৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সন্ত্ৰাসবাদী অথবা চোৰ-ডকাইতৰ দৰে ব্যৱহাৰ কৰি হেণ্ডকাফ লগোৱাৰ কথাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আছুৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকক এনেদৰে হেণ্ডকাফ লগোৱাৰ কথাত আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অসন্তুষ্ট হৈ পৰিছিল৷ সেইবাবেই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ খুলিবলৈ কাঢ়া নিৰ্দেশ দিছিল৷ হেণ্ডকাফ বিতৰ্কই ৰাজ্য উত্তাল কৰি থকাৰ সময়তে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে এই বিষয়টোৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ কৰাৰ সময়তো পিছে একালৰ সতীৰ্থৰ এনে অপমানৰ সময়তো সম্পূৰ্ণ নিশ্চুপ হৈ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ কাণ্ডাৰীসকল৷ এই বিষয়ত দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাত এক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে যেন সম্বিত ঘূৰি আহিল আছুৰ একাংশ নেতাৰ৷

সেইবাবেই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই আজি একালৰ সতীৰ্থ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিষয়টোত প্ৰতিবাদ কৰাৰ সলনি বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উগাৰিহে দিলে৷ বিভিন্নজনে কৰা মন্তব্য অনুসৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত প্ৰতিবাদ কৰাৰ সলনি শংকৰজ্যোতি বৰুৱাৰ প্ৰতি থকা তেওঁলোকৰ ব্যক্তিগত আখেজহে যেন পূৰণ কৰিবলৈ চেষ্টা কৰিলে৷ একাংশই এইবুলি চৰ্চা কৰিছে যে আৰক্ষীয়ে হেণ্ডকাফ পিন্ধাই অপমান কৰা শংকৰজ্যোতি বৰুৱাৰ এটা ব্যক্তিগত প্ৰসংগক আছুৰ নেতা দুগৰাকীয়ে আজি ৰাজহুৱাভাৱে পুনৰ সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলালে৷ আছু নেতা দুগৰাকীৰ এনে আচৰণে আছুৰ ভিতৰচ’ৰাৰ যে ব্যক্তিগত আখেজে ক্ৰিয়া কৰি আছে, সেয়াই প্ৰতিপন্ন কৰা বুলি বহুতে এতিয়া মন্তব্য কৰিছে৷ সংবাদ মাধ্যমৰ সন্মুখত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই একো একোগৰাকী ন্যায়াধীশৰ ৰূপত অৱতীৰ্ণ হোৱা বু্‌লিও বিভিন্নজনে এতিয়া চৰ্চা কৰিছে৷ ৰাইজৰ মাজত চৰ্চিত বিষয়টো হৈছে এয়াই যে আছুৰ এগৰাকী সদস্যাক বিবাহৰ প্ৰলোভনেৰে শংকৰজ্যোতি বৰুৱাই যৌন শোষণ চলাইছিল বুলি আছুৰ নেতা দুগৰাকীয়ে আজি একপ্ৰকাৰ ন-দি কোৱাৰ চেষ্টা চলালে৷ কিন্তু এগৰাকী অভিযুক্ত ব্যক্তিক যেতিয়ালৈকে আদালতে দোষী সাব্যস্ত নকৰে, তেতিয়ালৈকে তেনে এগৰাকী ব্যক্তিক কোনেও দোষী হিচাপে কাৰো সন্মুখতে উপস্থাপন কৰিব নোৱাৰে৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই তেওঁলোকৰ বক্তব্যত শংকৰজ্যোতি বৰুৱাক অভিযুক্ত বুলি উল্লেখ কৰিলে যদিও তেওঁলোকে এনে মনোভাৱ পোষণ কৰিলে যে শংকৰজ্যোতি বৰুৱা দৰাচলতে সেই ঘটনাটোত এগৰাকী দোষী সাব্যস্ত হোৱা ব্যক্তি৷ তেওঁলোকৰ বডী লেংগুয়েজ আৰু কথা কোৱাৰ ধৰণে সেয়াই প্ৰমাণ কৰিছে বুলি এতিয়া বিভিন্নজনে হাটে-বজাৰে আলোচনা কৰা পৰিলক্ষিত হৈছে৷ কেৱল সেয়াই নহয়, যি হেণ্ডকাফ বিতৰ্কক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই বিতৰ্কক লৈ উৎপল শৰ্মাই অতি তুলুঙা মন্তব্য কৰা বু্‌লি বহুতে আলোচনা কৰিছে৷ আছুৰ নেতা উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক লগোৱা হেণ্ডকাফক চিপজৰীৰ সৈতে তুলনা কৰিবলৈ গৈ সমগ্ৰ বিষয়টোক যে উৎপল শৰ্মাৰ দৰে ছাত্ৰনেতাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ব্যক্তিগত আখেজ পূৰণ কৰিব বিচাৰি সম্পূৰ্ণ একপক্ষীয় স্থিতি গ্ৰহণ কৰিছে, সেয়াই স্পষ্ট কৰি তোলা বুলি বহুতেই এতিয়া আলোচনা কৰিছে৷ একেদৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ইমানদিনে বিষয়টোত মুখত পিঠা ভৰাই থাকি আজি হঠাতে ক’লে– আমাৰ পৰা প্ৰতিক্ৰিয়া বিচৰাটোৱেই ভুল৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ এনে মন্তব্যৰ জৰিয়তে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি থকা আখেজ আৰু হেণ্ডকাফ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা দল-সংগঠনসমূহক অপমান কৰা বুলি বহুতেই এতিয়া মুকলিকৈয়ে আলোচনা কৰা পৰিলক্ষিত হৈছে৷ অভিযুক্ত আৰু দোষী সাব্যস্ত হোৱা ব্যক্তিক একাকাৰ কৰিব বিচাৰি আছুৰ নেতাসকলে ৰাজ্যৰ বৃহত্তম ছাত্ৰ সংগঠনটোৰ ভিতৰচ’ৰাত যে নানান খেলিমেলি তথা ব্যক্তিগত আখেজ পূৰণৰ খেল চলি থাকে, সেয়াই প্ৰতিপন্ন কৰা বুলি বহুতে আলোচনা কৰিছে৷ লক্ষণীয় কথাটো হ’ল আছুৰ যিগৰাকী সদস্যাই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰিছিল, তেওঁক সমৰ্থন জনাই আছুৰ নেতাদ্বয়ে আজি বিভিন্ন কথা ক’লে যদিও আছুৱে বিষয়টোৰ তদন্তৰ বাবে গঠন কৰি দিয়া দহজনীয়া সমিতিয়ে কিয় আজিলৈকে দ্বিতীয়খন প্ৰতিবেদন মুকলি কৰা নাই বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে৷ যদি আছুৱে সমগ্ৰ বিষয়টো ইমান গভীৰভাৱে গ্ৰহণ কৰিছিলেই তেন্তে ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়া সমিতিয়ে দ্বিতীয়খন প্ৰতিবেদন দাখিলত কিয় ইমান বিলম্ব কৰিছে? নে আদালতৰ ৰায়দানৰ পিছতহে আছুৰ তদন্ত সমিতিয়ে দ্বিতীয়খন প্ৰতিবেদন প্ৰকাশ কৰিব?

এয়া আমাৰ প্ৰশ্ন নহয়, এইবোৰ প্ৰশ্ন এতিয়া মানুহৰ মুখে মুখে বাগৰি ফুৰিছে৷ যিবোৰ প্ৰশ্নৰ উত্তৰ হয়তো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ দৰে ছাত্ৰ নেতাসকলৰ পৰা এদিন ৰাইজে বিচাৰিব৷ আছুৰ দৰে এটা বৃহৎ সংগঠনৰ নেতৃত্ব বহন কৰাৰ পিছতো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰি হেণ্ডকাফ কাণ্ডক তুলুঙা কৰিব বিচৰা বুলি বহুতেই অভিযোগ কৰিছে৷ বহুতে এইবুলি কৈছে যে অভিযুক্তৰো কেতবোৰ মৌলিক অধিকাৰ থাকে৷ সন্ত্ৰাসবাদী নোহোৱাকৈ বা চোৰ-ডকাইত নোহোৱা সত্বেও শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে আছুৰ নেতা দুগৰাকীয়ে সাংগঠনিক দায়িত্ব পালন কৰিয়েই কিয় ঘটনাটোৰ প্ৰতিবাদ জনোৱাৰ সাহস গোটাব নোৱাৰিলে বুলি এতিয়া বহুতে প্ৰশ্ন কৰিছে৷ শংকৰজ্যোতি বৰুৱাক আজি পাকে-প্ৰকাৰে দোষী সজাবলৈ বিচাৰি আছুৰ নেতাসকলে আদালতকো চেৰাই গৈ নিজেই ন্যায়াধীশৰ ভূমিকাত অৱতীৰ্ণ হ’ব বিচাৰ বুলিও বহুতে ফিচিকা-ফিচিকি কৰিছে৷

Related Articles