Breaking

ডিগবৈত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

0 61

১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসমৰ অস্তিত্ব ৰক্ষাৰ “অসম আন্দোলন” ৰ প্ৰথম গৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ গৰাকী শ্বহীদৰ স্মৃতিত প্ৰতি বছৰে ১০ ডিচেম্বৰত আয়োজন কৰা হয় শ্বহীদ দিৱস।

এইবছৰ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত ডিগবৈ আঞ্চলিক ছাত্র সন্থা আৰু ডিগবৈবাসীৰ সহযোগত ডিগবৈ মুলীয়াবাৰী খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় শ্বহীদ দিৱস আয়োজন কৰা হয়।

আছুৰ পতাকা উত্তোলন কৰি সভাপতি উৎপল শৰ্মাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ‘কা’ বলবত কৰিলে পুনৰ ৰাজপথৰ আন্দোলন আৰম্ভ হ’ব বুলি সদৰী কৰে।

শ্বহীদ তৰ্পন কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰে বিদেশী বিতাৰণৰ ক্ষেত্ৰত চৰম ভাৱে ব্যৰ্থ হৈছে বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে বাংলাদেশৰ লগত জল পথ এতিয়াও মুক্ত হৈ আছে ফলত বিদেশী প্ৰব্ৰজন হৈয়ে আছে।

খগেশ্বৰ তালুকদাৰ প্ৰতিচ্ছবিত  মাল্যাৰ্পন কৰি ডঃ সমুৰ্জ্জল ভট্টাচাৰ্যয়ই ‘কা’ পূৰ্বতেও মনা নাই আৰু ভবিষ্যতেও নামানো বুলি কয়।

উক্ত অনুষ্ঠানত ডিগবৈ স্থানীয় অৰ্ধ শতাধিক মহিলাই ” শ্বহীদ প্ৰণামো তোমাক” শীৰ্ষক গীতটো সমবেত ভাৱে পৰিবেশন কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জাতীয় শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন , সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভা, আৰু শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply