উচ্ছেদক লৈ আছুৰ স্পষ্ট স্থিতি – ‘বৈধ নাগৰিকক নিজ জিলা বাদে সংস্থাপন অনুচিত’ । AASU CLARIFICATION ON EVICTION

কলিয়াবৰ, ২৬ জুলাই:AASU CLARIFICATION ON EVICTION । ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই (আছু) নিজৰ স্পষ্ট মত প্ৰকাশ কৰিছে। বিশেষকৈ উৰিয়ামঘাটৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজত আছুৰ সভাপতি উৎপল শৰ্মাই আজিৰে দিনা কলিয়াবৰত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

উৎপল শৰ্মাই কয়, “উৰিয়ামঘাট বুলিয়ে নহয়, অসমৰ সৰ্বত্ৰে সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশীৰ বেদখল চলিছে। উচ্ছেদ হ’বই লাগিব। উৰিয়ামঘাটত উচ্ছেদৰ যোজনা চলাৰ লগে লগে বহু লোক নগাঁৱত সোমাইছে—তেওঁলোকে ক’ৰ পৰা আহিল? যদি তেওঁলোক নগাঁৱৰ, ধিঙ, ৰূপহীৰ, লাহৰিঘাটৰ, তেন্তে তেওঁলোকৰ ঘৰ আছে। যদি ঘৰ আছে, তেন্তে বেলেগ জিলাত ভূমি দখল কিয়?”

তেওঁ সঘনকৈ উল্লেখ কৰে যে, যিসকল ব্যক্তিৰ নিজৰ জিলা বা অঞ্চলত ভূমি আছে, তেওঁলোকে অন্য জিলা বা অঞ্চলত ভূমি দখল কৰি নতুন ভাৰ সৃষ্টি কৰা উচিত নহয়। আছুৰ মতে, “অসম চুক্তিৰ ১০ নং দফাত চৰকাৰী ভূমিৰ অবৈধ দখল উচ্ছেদৰ কথা আছে। সেই অনুসাৰে এই প্ৰক্ৰিয়া চলি থাকিবই লাগিব।”

আছুৰ দাবী অনুসৰি, বৈধ ভাৰতীয় নাগৰিক যিসকল ভূমিহীন, তেওঁলোকক চৰকাৰী নীতি অনুসৰি পুনঃসংস্থাপন দিয়াৰ পক্ষপাতী সংগঠনটি। কিন্তু, উৎপল শৰ্মাৰ ভাষাত, “এক জিলা হেৰুৱাই আন এখন জিলাত পুনৰ সংস্থাপন কৰিলে জনগাঁথনি পৰিৱৰ্তনৰ সম্ভাৱনা থাকে। সেয়ে যিখন জিলাত ভূমি হেৰুৱাইছে, সেইখন জিলাতে সংস্থাপন দিয়াটো উচিত।”

আছুৰ সভাপতিগৰাকীয়ে এনেদৰে স্পষ্টকৈ কয় যে, যিসকল লোকৰ অন্য জিলা বা অঞ্চলত ভূমি আছে, তেওঁলোকক উচ্ছেদ কৰি তাৰ পৰা আঁতৰাই পঠিয়াব লাগিব আৰু তেওঁলোকক পুনৰ ভূমি দিয়াৰ কোনো প্ৰয়োজন নাই।

উল্লেখযোগ্য যে, কলিয়াবৰত পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত এছপিএম আইএএছ একাডেমি আৰু কলিয়াবৰ মহাবিদ‍্যালয়ৰ জীৱিকা অন্বেষণ পৰামৰ্শ আৰু সংস্থাপন কোষৰ সহযোগত ইউপিএছচি, এপিএছচি আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়। শুকুৰবাৰৰ দিনা অনুষ্ঠিত হোৱা এই শিবিৰৰ উদ্বোধনী অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।

উৎপল শৰ্মাই কলিয়াবৰ ছাত্ৰ সন্থাৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনাই যুৱ প্ৰজন্মক লক্ষ্য স্থিৰ কৰি আগবাঢ়াৰ আহ্বান জনায়।

Related Articles