অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদ আছুৰ,যোগান মন্রীৰ পুত্রলিকা দাস

নলবাৰী জিলা ছাত্র সন্থাৰ অন্তর্গত পশ্চিম নলবাৰী  আঞ্চলিক সমিতিয়ে আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বান মর্মে বিভিন্ন খাদ্য সামগ্রীকে ধৰি ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু হ্ৰাস কৰাৰ দাবীত আজি চামতাত যোগান মন্ৰী ৰঞ্জিত কুমাৰ দাসৰ পুত্তলিকা দাহ কৰা হয়, এই কাৰ্যসূচীৰ জৰিয়তে পশ্চিম নলবাৰী  আঞ্চলিক ছাত্ৰ সন্থাই ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্রীৰ মূল্যবদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়, উক্ত অনুস্থানটোত উপস্থিত থাকে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ

সহঃ সাধাৰন সম্পাদক নিৰুজ উদ্দিন আহমেদ , কাৰ্য্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন, পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুভাষ বৰ্মন, সহঃ সাধাৰন সম্পাদক নয়ন জ্যোতি বৰ্মন, সদ্স্য বিজয় বৰ্মন,ৰাহুল বৰ্মন, কুলদ্বীপ তালুকদাৰ, অংকুৰ শৰ্মা,বনদ্বীপ শৰ্মা ইত্যাদি ছাত্ৰ নেতা সকল৷

Related Articles