Breaking

অভয়পুৰ উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন সম্পন্ন; অনুষ্ঠানত নৃত্য গীতৰ বাৰেৰহনীয়া সংস্কৃতিৰ সমাহাৰ

0 137

বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটী ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত ৬৮তম উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে ৭দিনিয়াকৈ ৩০চ’ত,১,২,৩ আৰু৭,৮,৯ লৈ আয়োজন কৰা হেঁপাহৰ ৰঙালী বিহুৰ কাৰ্যসূচীৰ ইতিমধ্যে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা সমূহ সমাপ্ত হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বৰগছৰ তলত প্ৰথম বন্তি প্ৰজ্বলন কৰি সকলোৰে মংগল কামনাৰে বিহুৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

তাৰপিছত পতাকা উত্তোলন আৰু আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয়। ৬৮ তম ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে ৰঙালী বিহু সন্মিলনীৰ সভাপতি জ্যোতিপ্ৰসাদ তামুলীয়ে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ সভাপতি জয়ন্ত কুমাৰ নাথে ।শ্বহীদ বেদীত মাল্যাৰ্পন কৰে ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ প্ৰাক্তন সভাপতি ৰঞ্জিত তামুলীয়ে।

বৃহত্তৰ উত্তৰ গুৱাহাটীৰ এখন বহু পুৰণি তথা উল্লেখযোগ্য এই বিহুৰ বাবে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰাইজে অপেক্ষাত থাকে। প্ৰথম দিনৰ কাৰ্যসূচীত বিহু কমিটীৰ সকলো সভ্যই অভয়পুৰ গাঁওৰ লগতে বিহু তলিত উপস্থিত থকা জ্যেষ্ঠ সকলক আঠুকাঢ়ি সেৱা জনাই আশীৰ্বাদ লোৱাৰ দৃশ্য অতি ভাললগা। তাৰ পিছতেই প্ৰতিজন জেষ্ঠ্যক হেপাহৰ এখনি ফুলাম গামোচাৰে সম্ভাষন জনোৱা হয়।

সম্বৰ্দ্ধনা জনোৱা ৬০বছৰৰ উৰ্ধৰ জ্যেষ্ঠ সকলৰ মাজত বেগাই খোজকাঢ়া প্ৰতিযোগীতাৰে খেল-ধেমালিৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। উত্তৰাঞ্চল ৰঙালী বিহুৰ খেল ধেমালিৰ কাৰ্যসূচী সমূহত ডেকাৰ পৰা বুঢ়ালৈ সকলোয়ে অংশগ্ৰহন কৰাত আকৰ্ষণীয় হৈ পৰে আভয়পুৰৰ বিহুতলি। প্ৰথম চাৰিদিন বিভিন্ন খেল-ধেমালিৰে ৰঙালী বিহু পালন কৰে। ২১,২২আৰু২৩ এপ্ৰিলত তিনি দিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰিত অতিথি শিল্পীৰ লগতে স্থানীয় শিল্পী সকলৰ দ্বাৰা ৰঙালীল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

২১ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত বৃহত্তৰ অভয়পুৰ অঞ্চলত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বিগত বছৰটোত মৃত্যু হোৱা ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ উপদেষ্টা তথা উত্তৰাঞ্চল ৰঙালী বিহুৰ উপদেষ্টা পবেন পাঠক, জনপ্ৰিয় ব্যক্তি নৃপেন তামুলী, ৰঙালি বিহুকে আদি কৰি অভয়পুৰৰ প্ৰতিটো অনুষ্ঠানত জড়িত স্বভাৱসুলভ অমায়িক যুৱক পবিত্ৰ ডেকাৰ অকাল মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ সুকন্ঠি গায়িকা সকলোৰে মৰমৰ ভিতালি দাসলৈও এই অনুষ্ঠানতেই উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ এই কাৰ্যসূচী সচাকৈয়ে এক শলাগ ল’ব লগিয়া অনুষ্ঠান অনুষ্ঠিত কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিচত ৰঙালী বিহুৰ স্বৰ্গীয় পবেন পাঠক সোঁৱৰণী মঞ্চ মুকলি কৰে তেখেতৰ সহধৰ্মিণীয়ে। তাৰ পিছতেই সদৌ অসম ভিত্তিত বিহু হুচৰী, দলীয় বিহু আৰু বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়।২০২৩ বৰ্ষ বৰবিহুৱতী প্ৰথন অনন্য ফুকন (লক্ষ্মীমপুৰ) , দ্বিতীয় মুনুকন গগৈ(ধেমাজি), তৃতীয় নিমিশা দিহিঙীয়া(মৰান)।সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম নৃত্যাংগনা গগৈ(শদিয়া), দ্বিতীয় তনয়া বৰ্মন(গুৱাহাটী নাৰেংগী), তৃতীয় দিপীকা বড়ো (পাঞ্জাবাৰী, গুৱাহাটী)।

বিহু হুচৰীৰ প্ৰথম শ্ৰেষ্ঠ দ’ল চেউ চাপৰী বিহু হুচৰী দল (ডিব্ৰুগড়), দ্বিতীয় সৰুজমুখী চেৰেকা পাৰা বিহু হুচৰী দল (শিৱসাগৰ ), তৃতীয় দিক্ৰা বিহু হুচৰী দল (লক্ষ্মীমপুৰ)। দলীয় বিহু প্ৰতিযোগিতাৰ প্ৰথম বৰ্ণিল বিহু হুচৰী দল ( বংশৰ), দ্বিতীয় মঘাই বিহু হুচৰী দল(গুৱাহাটী), তৃতীয় গোমচেং বিহু হুচৰী দল (গুৱাহাটী)। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়াকৈ আয়োজন কৰা এই বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত স্থানীয় মহিলা সকলে সমবেত সংগীত পৰিবেশন কৰি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে।

প্ৰথম দিনৰ কাৰ্যসূচীত আমন্ত্ৰিত কন্ঠ শিল্পী বাপুজি কোঁৱৰৰ সংগীত পৰিবেশনে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত স্থানীয় শিল্পী সকলৰ উপৰিও আমন্ত্ৰিত সু-কন্ঠী গায়িকা সুবাসনা দত্তৰ গীতে উপস্থিত ৰাইজক তেখেতৰ গীতে মোহিত কৰি ৰাখে। তৃতীয় তথা শেষৰ দিনৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অসম ভিত্তিত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰে।একোখনকৈ মানপত্ৰ একোটাকৈ ট্ৰফি আৰু নগদ ধনেৰে।

উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীলৈ আন্তৰিক সহযোগ তথা দিহা পৰামৰ্শ দিয়া বিশিষ্ট ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচাৰে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বিহু মঞ্চত সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বিহুক গ্ৰিনিজ ৱৰ্ল্ড বুকুত স্থান পোৱাত বিহু নৃত্যৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিহুৱতী আৰু ঢুলিয়া সকলকো উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ বিহু মঞ্চত একোখনকৈ মানপত্ৰ আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

বিশিষ্ট সমাজসেৱক তথা ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি শ্ৰী ৰঞ্জিত ভট্টাচাৰ্য্যৰ লগত শিল্পী কল্লোল বৰঠাকুৰ উপস্থিত হৈ ৰঙালীৰ মঞ্চত দুয়োজনে বহু কেইটা গীত পৰিৱেশন কৰি ৰাইজক আনন্দৰ খোৰাক দিয়াৰ উপৰিও ৰাইজলৈ নৱবৰ্ষৰ ওলগ জনাই বক্তব্য প্ৰদান কৰে। দুয়োজনকে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা অসমৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে গভীৰ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।

তাৰ পাছতেই সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰন কৰি অনা যুৱতীৰ এটি বিহু দলে আকৰ্ষণীয় বিহু প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। ইয়াৰ পিছতেই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ ভাৱে আমন্ত্ৰিত কন্ঠ শিল্পী নীল আকাশৰ সংগীত পৰিবেশনে উপস্থিত ৰাইজক মনোমুগ্ধ কৰি তোলে। নীল আকাশে তেখেতৰ জনপ্ৰিয় গীত সমূহ এটাৰ পিছত এটাকৈ পৰিবেশন কৰি ৰাইজক নচোৱাই বিহু তলিত এক আনন্দৰ জোৱাৰ তোলে।

Leave A Reply