Abhik Deb: বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদৰ কন্টেন্ট ৰাইটাৰ অসমৰ যুৱক অভিক দেব

বিশ্ব ফুটবলৰ শীর্ষ স্থানীয় ক্লাব স্পেইনৰ ৰিয়েল মাদ্ৰিদৰ সাংবাদিক তথা ব্লগাৰ হিচাপে নিয়োজিত হৈছে বঙাইগাঁৱৰ যুৱক অভিক দেব।(Abhik Deb) সম্প্রতি স্পেনিচ ফুটবল ক্লাৱটোৰহৈ বিভিন্ন দেশত নিউজ ক’ভাৰ কৰা,ব্লগত কন্টেন্ট লিখা,ৰিয়েল মাদ্ৰিদ টিভিৰ বাবে সাংবাদিকৰ ৰূপত অৱতীৰ্ণ হৈ লাইভ ৰিপৰ্টিং কৰা,ফুটবলাৰ সকলৰ সাক্ষাৎকাৰ গ্ৰহণ, সংবাদমেলত অংশ গ্ৰহণ,ৰিয়েল মাদ্ৰিদৰ হৈ শ্ব’ প্ৰ’ডিউচ কৰাআদি কামত ব্যস্ত থকা অভিক অলপতে ঘৰলৈ আহোতে আমি তেওঁৰ সৈতে কথা বতৰা পাতিছিলো। সৰুৰে পৰা ফুটবলৰ প্ৰতি থকা গভীৰ অনুৰাগে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ টানি আনিছিল অভিকক।মনে বিচৰা জগতখনত বিচৰণ কৰিবলৈ পাই খুবেই আনন্দিত যুৱকজন।

ইমান দিনে টেলিভিছনৰ পৰ্দাত দেখি অহা প্ৰিয় ফুটবল তাৰকা সকলক ব্যক্তিগত ভাবে কাষতে পাই খুবেই উৎফুল্লিত অভিকে এটিয়া নিজৰ কামক প্ৰাণ ভৰি উপভোগ কৰিছে। ৰিয়েল মাদ্ৰিদৰ সৈতে জড়িত ব্ৰাজিলৰ এসময়ৰ বিখ্যাত ফুটবলাৰ ৰবাৰ্টো কাৰ্লোছ, বৰ্তমান ধাৰাভাষ্যকাৰ তথা প্ৰাক্তন স্পেনিচ তাৰকা ফুটবলাৰ আইকাৰ কেচিলাচৰ দৰে ফুটবলাৰক লগ পাই তেওঁলোকৰ সৈতে কথা পাতি, সাক্ষাৎকাৰলৈ ৰোমাঞ্চিত হোৱাৰ লগতে জীৱনত এক বিপুল প্ৰাপ্তি লাভ কৰা বুলি অভিকে আমাৰ আগত ব্যক্ত কৰে। পিতৃ আয়কৰ বিষয়া অমিত কুমাৰ দেৱৰ চাকৰীসূত্ৰে তেজপুৰতে স্কুলীয়া শিক্ষা সাং কৰি নিজৰ বাকপটুতা,কাহিনী কোৱাৰ সামৰ্থ্যতা , লিখামেলা আদি সৃজনীমূলক কামৰ প্ৰতি থকা ধাউতিক আৱিষ্কাৰ কৰি অভিকে বাংগালুৰুৰ ‘নেচনেল স্কুল অৱ জাৰ্ণেলিজম, বাংগালোৰ’ত নামভৰ্তি কৰে।
বাংগালুৰুত সাংবাদিকতা বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পাছত তাতে লাভ কৰা অভিজ্ঞতাক সাৰথি কৰি লগতে ২০১০চনত স্পেইনে চেম্পিয়নশ্বিপ অৰ্জন কৰা দক্ষিণ আফ্রিকাত অনুষ্ঠিত ফিফা বিশ্বকাপৰ পাছত ফুটবলৰ প্ৰতি অধিক আৱেগিক হৈ পৰা অভিকে পেছাদাৰী ভাৱে ক্ৰীড়া ক্ষেত্রত কাম কৰাৰ মন বান্ধি স্পেইনলৈ যাত্ৰা কৰে। ক্ৰীড়া সাংবাদিকতা, ক্ৰীড়া বিপণনৰ প্ৰশিক্ষণৰ বাবে মাদ্ৰিদৰ ৰিয়েল মাদ্ৰিদ স্পোৰ্টছ ইউনিভাৰ্চিটি বা ৰিয়েল মাদ্ৰিদ গ্ৰেজুৱেট স্কুলত নাম ভৰ্তি কৰে।
তাত পঢ়ি থকা সময়তে তেওঁৰ পৰ্ট ফলিঅ’ চাই বা ফুটবলৰ ওপৰত থকা অভিকৰ জ্ঞান পৰীক্ষা কৰাৰ পিছত ৰিয়েল মাদ্ৰিদৰ মেনেজিং ডাইৰেক্টৰৰ পৰা ৰিয়েল মাদ্ৰিদ টিভিত কাম কৰাৰ বাবে অভিকে এটা কল পায়। ইয়েই অভিকক বিশ্বৰ শীৰ্ষ ফুটবল ক্লাৱটোৰহৈ কাম কৰাৰ সুৱৰ্ণ সুযোগ আনি দিয়ে। সেয়ে ৰিয়েল মাদ্ৰিদ ইউনিভাৰ্ছিটিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে তেওঁ কামত যোগদান কৰে।


বিগত এবছৰ ধৰি প্ৰথম গৰাকী ভাৰতীয় হিচাপে ৰিয়েল মাদ্ৰিদৰ বাবে ষ্টেডিয়ামৰ পিটচত থিয়হৈ লাইভ ৰিপৰ্টিং কৰাৰ বিৰল অভিজ্ঞতাৰে পুষ্ট অভিকে ইতিমধ্যে বিশ্বৰ বহু আগশাৰীৰ ক্ৰীড়া সাংবাদিকৰ সৈতে একেলগে কাম কৰাৰ সুযোগ লাভ কৰি তেওঁলোকৰ লগত সৌহার্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। এগৰাকী দক্ষ কন্টেন্ট ক্ৰিয়েটৰ অভিকৰ ‘লা লিগা ভিক’ শীৰ্ষক এটি ইউ টিউব চেনেলো আছে। কামৰ মাজেৰে ফুটবল বিষয়ক ,সাংবাদিকতা বিষয়ক বহু নতুন কথা জানিবলৈ সক্ষম হোৱা যুৱ সাংবাদিক গৰাকীয়ে ৰিয়েলৰ হৈ কাম কৰা ইটালীৰ এগৰাকী প্ৰখ্যাত ক্ৰীড়া সাংবাদিক ফেব্ৰিজো ৰোমানো, স্পেইনৰ পিবলো আদিৰ দৰে সাংবাদিকৰ সৈতে একেলগে প্ৰেছ কনফাৰেঞ্চত বহাৰ অভিজ্ঞতাই সুকীয়া বুলিও অভিকে আমাৰ আগত নিজস্ব মনোভাৱ ব্যক্ত কৰে।এতিয়ালৈ দুশৰো অধিক আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈক লগ পোৱাৰ অভিজ্ঞতালব্ধ অভিকে আমাক জানিবলৈ দিয়া মতে এই ফুটবল তাৰকা সকলৰ সৰহভাগেই খুব ভাল মানুহ, জীৱনক উপভোগ কৰিব জানে। ‘ফুটবলাৰ সকলে আমাৰ লগত হেণ্ডচেক কৰে, কথা পাতি ভাল পায়’-অভিকে কয়।
বহু সংগ্ৰামৰ অন্তত অসমৰ বঙাইগাঁৱৰ পৰা স্পেইনলৈ গৈ ইলেকট্রনিকচ আৰু প্ৰিন্ট দুয়োটা মাধ্যমতে সমান্তৰালভাৱে বিশ্বৰ সৰ্ববৃহৎ বৃহৎ ফুটবল ক্লাব ৰিয়েলৰ হৈ কাম কৰি থকা প্ৰতিভাৱান যুৱ সাংবাদিক গৰাকীয়ে জনোৱা মতে তাত স্পেনিচ ভাষা জনাতো খুবেই প্ৰয়োজনীয়। সেয়ে তেওঁ কামৰ মাজতে আহৰি উলিয়াই স্পেনিচ ভাষাও শিকি আছে।

আগন্তুক দিনত সমুখত থকা কেবাখনো ফুটবল টুর্নামেন্টেৰ বাবে প্ৰস্তুতি চলাই থকা ফুটবল ক্লাৱটোৰ খেলৰ সম্প্ৰচাৰৰ বাবে সাংবাদিক গৰাকীয়ে নিজকে সাজু কৰাৰ বাবে হোম ৱৰ্ক কৰি আছে। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান হলেও ইউৰোপত গৈ জীৱনৰ অন্বেষণ কৰাৰ ক্ষেত্রত পৰিয়ালৰ পৰা সম্পূৰ্ণ সহাৰি লাভ কৰা অভিকে পৰৱৰ্তী পৰ্যায়ত ৰিয়েল মাদ্ৰিদ ক্লাবৰ সহযোগত নিজাকৈ এটা ফান চেনেল খোলাৰ আশা ৰাখিছে।

Related Articles