Breaking

আবিলেক-ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

0 70

আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা(আবিলেক),অসম আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ মাজত এখন বুজা-বুজি চুক্তি স্বাক্ষৰিত হয়।

আবিলেকৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে আবিলেকৰ সঞ্চালক অধ্যাপক ড° দিলীপ কুমাৰ কলিতা আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰৰ আঞ্চলিক সঞ্চলক সুৰেশ গডুকাই।

আবিলেকৰ বিত্ত আৰু প্ৰশাসনিক বিষয়া ভূপেন্দ্ৰ নাথ কলিতা, সহকাৰী অধ্যাপক ড° পলাশ কুমাৰ নাথ আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰৰ ড° কৌশিক দাস আৰু অংকুৰ ডেকাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তি মৰ্মে দুয়োটা অনুষ্ঠানে শৈক্ষিক আৰু বিদ্যায়তনিক দিশত সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰৰ সমূহ কৰ্মী উপস্থিত থাকে। ইয়াৰ ফলত দুয়োটা অনুষ্ঠানে বিদ্যায়তনিক আৰু গৱেষণাৰ দিশত অগ্ৰগতি লাভ কৰাৰ ক্ষেত্ৰত সফল হব বুলি কামনা কৰা হৈছে।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ তৰফৰ পৰা আবিলেকৰ ডিজিটেল আৰু চপা মাধ্য়মত প্ৰকাশিত জনগোষ্ঠীয় ভাষাৰ ত্ৰিভাষিক অভিধানসমূহৰ প্ৰকল্পতসহযোগিতা আগ বঢ়োৱাৰ সম্ভাৱনীয়তাৰ কথা গডুকাই আলোচনা কালত প্ৰকাশ কৰে।

Leave A Reply