Breaking

তামুলপুৰত অবড়ো সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

0 47

তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত জিলাখনৰ উত্তৰ গান্ধীবাৰীত আজি দিনজোৰা কাৰ্যসূচীৰে অবড়ো সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, বন্তিপ্ৰজ্বলন, আয়তী সকলৰ নাম প্ৰসঙ্গৰ পিছতে– বিগত সময়ছোৱাত অবড়ো ৰাইজৰ হকে যুঁজি যি সকলে নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল সেই শ্বহীদ সকলৰ পৰিয়ালৰ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱাৰ পিছতেই এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাখনত-বিটিআৰৰ পৰা অবড়ো সংখ্যাগৰিষ্ঠ গাঁও কৰ্ত্তন, জাতি,মাটি,ভাষা,সংস্কৃতি সুৰক্ষিত কৰা, জনজাতীয় খণ্ড আৰু আবেষ্টনী বিটিআৰৰ পৰা উঠাই লোৱা, সকলো অজনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা তথা বিটিআৰত অসমীয়া ভাষা সুৰক্ষিত কৰা আদি কেইবাটাও দিশৰ ওপৰত আলোচনা কৰা হয়।

আজিৰ এই সভাখনত মুখ্য অতিথি হিচাপে অবড়ো সুৰক্ষা সমিতি, অসমৰ প্ৰাক্তন মুখ্য উপদেষ্টা ব্ৰজেন মহন্ত, সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ প্ৰাক্তন আহ্বায়ক মুজিব আলী আহমেদ, অবড়ো সুৰক্ষা সমিতি অসমৰ উপদেষ্টা সৰ্ব্বেশ্বৰ ডেকা, অবড়ো সুৰক্ষা সমিতি অসমৰ উপ সভাপতি গণেশ চন্দ্ৰ নাথকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply