Breaking

উত্তৰ-পূবকে ধৰি আগন্তুক পাঁ‌চ দিনত প্ৰায় ১৯ খন ৰাজ্যত হ’ব প্ৰবল বৰষুণ !

0 74

প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ! অনাগত পাঁচ দিনত ১৯ খন ৰাজ্যৰ লগতে উত্তৰ-পূবৰ এই বহুকেইখন ৰাজ্যত হ’ব প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা।

এই কথা জনাই ভাৰতীয় বতৰ বিজ্ঞানে।ভাৰতীয় বতৰ বিজ্ঞানে জনোৱাৰ মতে ,আগন্তুক পাঁ‌চ দিনত দেশৰ ১৯ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা বুলি জনায়।আগন্তুক পাঁ‌চ দিনত পাঞ্জাৱ,হাৰিয়ানা,চণ্ডীগড়,উত্তৰ প্ৰদেশ,বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগত প্ৰৱল বৰষুণ হ’ব বুলি জনাই বতৰ বিজ্ঞানে।লগতে অসম,মণিপুৰ,মিজোৰাম,মেঘালয়,নাগালেণ্ড,ছিকিম,ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো বৰষুণৰ সম্ভাৱনা বুলি জনাই।আগন্তুক বৰষুণৰ পিছতে হয়তো এই ৰাজ্যৰ সমূহত শীতৰ প্ৰকোপ বেছি হোৱাৰো সম্ভৱনা বুলি জনাই ভাৰতীয় বতৰ বিজ্ঞানে।

Leave A Reply