Breaking

তিক্ততা বাঢ়িল! কানাডালৈ ভাৰতৰ পৰা প্ৰায় ৪০ জন কানাডিয়ান কূটনীতিবিদক ঘূৰাই নিয়াৰ নিৰ্দেশ নতুন দিল্লীৰ

0 45

ভাৰত-কানাডাৰ সম্পৰ্কত দূৰত্ব আৰু অধিক বৃদ্ধি পালে। নতুন দিল্লীয়ে ভাৰতৰ পৰা প্ৰায় ৪০ জন কানাডিয়ান কূটনীতিবিদক ঘূৰাই নিয়াৰ নিৰ্দেশ দিয়ে। মঙলবাৰে “দ্য ফাইনেন্সিয়েল টাইমছ”ত প্ৰকাশিত খবৰ অনুসৰি ১০ অক্টোবৰৰ ভিতৰত কানাডাই নতুন দিল্লীৰ পৰা নিজৰ কূটনীতিবিদসকলক স্থানান্তৰ কৰিব লাগিব।

কানাডাত খালিস্তান সমৰ্থক নেতাৰ হত্যাকাণ্ডক লৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ব্যাঘাত জন্মিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত নতুন দিল্লীৰ এই নিৰ্দেশৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক অধিক তিক্ত হোৱাৰ সম্ভাৱনা আছে।

খালিস্তান সমৰ্থক নেতা হৰদীপ সিং নিজ্জাৰক যোৱা জুন মাহত কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশত হত্যা কৰা হৈছিল। শেহতীয়াকৈ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সেই দেশৰ সংসদত মন্তব্য কৰিছিল যে হৰদীপৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰেই হ’ব পাৰে। কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই অভিযোগ নতুন দিল্লীয়ে পোনপটীয়াকৈ নাকচ কৰিলে আৰু এই ঘটনাৰ লগে লগে দুয়োখন দেশৰ মাজত কূটনৈতিক হেঁচা আৰম্ভ হৈছে। ভাৰত চৰকাৰে ভাৰতত বাস কৰা বা ভাৰত ভ্ৰমণ কৰা কানাডাৰ নাগৰিকৰ বাবে কিছু ভ্ৰমণ নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাত বসবাস কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ বাবে অত্যন্ত সাৱধানতাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ভাৰত চৰকাৰে কানাডাৰ নাগৰিকক ভিছা প্ৰদান স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। দুয়োখন দেশৰ মাজত যেতিয়া দ্বিপাক্ষিক সম্পৰ্ক অশান্ত হৈ পৰিল, তেতিয়া ট্ৰুডোৱে পুনৰ ভাৰতৰ ওপৰত নিজাৰ হত্যাৰ বাবে আঙুলিয়াই দিলে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ বিৰুদ্ধে আন্দোলন কৰে। শেহতীয়াকৈ ৱাশ্বিংটনত জয়শংকৰে কয় যে এটা বাধ্যবাধকতা আছিল।

আমাৰ কূটনীতিবিদ, দূতাবাসৰ বিৰুদ্ধে হিংসা বিয়পি পৰিছিল। ভিছা দিবলৈ কেনেকৈ অফিচলৈ যাব? ই আইন-শৃংখলাৰ প্ৰশ্ন। ভিয়েনা সন্মিলনৰ প্ৰশ্ন। ভিয়েনা সন্মিলনৰ মতে আমি আমাৰ কূটনীতিবিদ, দূতাবাসক নিৰাপত্তা প্ৰদান কৰিব লাগিব।

Leave A Reply