Breaking

আলোপতি শান্তিপুৰত আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ ওৱাজ মেহফিলৰ সামৰণি

0 2,252

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি শান্তিপুৰত আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ সাহাৰ্য্যাৰ্থে অনুষ্ঠিত ১৭ তম ধৰ্মীয় ওৱাজ মেহফিল সফলভাৱে সামৰণি পৰে। আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ আব্দুৰ কাদেৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা ধৰ্মীয় ওৱাজ মেহফিলৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জাহান উদ্দিন আহমেদে। উক্ত সভাত মূখ্য অতিথি হিচাপে ধুবুৰী বক্সিৰহাট কায়েম মাটি হাইস্কুলৰ আৰবী শিক্ষক মৌলনা আফছাৰ আলী শ্বেখ, বিশিষ্ট অতিথি হিচাপে আলোপতিৰ ইকৰা নেচনেল একাডেমিৰ ব্যৱস্থাপক মুফতি ফাৰুক হাছান আল কাছিমি, আমন্ত্ৰিত অতিথি হিচাপে নৱগত শিমলীতোলা বজাৰ জামে মছজিদৰ ইমাম মৌলানা নুৰ হুছেইন, মুফতি মহিদুল ইছলাম লগতে অন্যান্য ধৰ্মীয় আলেম উলেমা উপস্থিত থাকে। উক্ত ধৰ্মীয় ওৱাজ মেহফিলত কেইবা শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ সমাগত হয়। আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ সাহাৰ্য্যাৰ্থে অনুষ্ঠিত ধৰ্মীয় জলসাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি-সম্পাদক আবুবক্কাৰ আৰু শিৰাজুল হকে ধৰ্মীয় জলসাত উপস্থিত হোৱা অতিথিৰ লগতে সমুহ ধৰ্মীয় প্ৰাণ ৰাইজৰ শলাগ লয়।

Leave A Reply