Breaking

আবু ধাবিৰ প্ৰথমটো হিন্দু মন্দিৰ ভক্তৰ বাবে মুকলি, মন্দিৰ যোৱাৰ পূৰ্বে জানি লওক নীতি-নিয়মসমূহ…

0 19

১৪ ফেব্ৰুৱাৰীত আবু ধাবিত নিৰ্মিত বিএপিএছৰ প্ৰথমটো হিন্দু মন্দিৰ পবিত্ৰ কৰা হয়। মন্দিৰটো উদ্বোধন কৰে ভৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মন্দিৰ ১ মাৰ্চৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে। ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈকে কেৱল সেইসকল লোককহে অনুমতি দিয়া হৈছিল, যিসকলে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছিল। আপোনালোকক জনাওঁ যে মন্দিৰ খোলাৰ সময় পুৱা ৯ বজাৰ পৰা নিশা ৮ বজালৈ। মন্দিৰত প্ৰৱেশৰ বাবে কোনো পঞ্জীয়ন নাই যদিও প্ৰৱেশৰ বাবে কিছু নিয়ম বান্ধি দিয়া হৈছে, যিবোৰ আগতীয়াকৈ জনাটো গুৰুত্বপূৰ্ণ। ৰাইজক সহায়ৰ বাবে মন্দিৰ চৌহদত উপস্থিত থাকিব BAPS স্বামীনাৰায়ণ সংস্কাৰ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰী। ইয়াৰ বাহিৰেও মান্য সাজ-পোছাক পিন্ধিহে মন্দিৰত প্ৰৱেশ কৰিব পাৰি। মন্দিৰৰ ভিতৰত থকাৰ সময়ত পৰ্যটকসকলক কান্ধৰ পৰা আঁঠুলৈকে ঢাকি ৰাখিবলৈ অনুৰোধ জনাইছে মন্দিৰে। ইয়াৰ লগতে কাপোৰৰ ওপৰত আপত্তিজনক ডিজাইন আৰু শ্লোগান আদি থাকিব নালাগিব।

কেৱল এয়াই নহয়, মন্দিৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ টাইট ফিটিং কাপোৰ পিন্ধিব নালাগে। এই নিয়মবোৰক আওকাণ কৰি যদি কোনো ব্যক্তিৰ সাজ-পোছাক মন্দিৰৰ কৰ্মচাৰীয়ে অনুপযুক্ত বুলি নাভাবে তেন্তে তেওঁক প্ৰৱেশত বাধা দিয়া হ’ব পাৰে।

মন্দিৰলৈ অহা লোকক পোহনীয় জন্তু ভিতৰলৈ লৈ যাবলৈ নিদিব। ইয়াৰ লগতে বাহিৰৰ খাদ্য আৰু পানীয় ভিতৰলৈ লৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মন্দিৰত সাত্বিক খাদ্য উপলব্ধ হ’ব। ইয়াৰ সমান্তৰালকৈ ড্ৰ’নৰো কঠোৰ নিষেধাজ্ঞা। যদি ব্যৱসায়িক বা সাংবাদিকতাৰ উদ্দেশ্যে ফটোগ্ৰাফী কৰা হৈছে, তেন্তে বিভাগৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয়।

মন্দিৰত শিশুসকলে অকলে ঘূৰি ফুৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মন্দিৰ চৌহদত শিশুৰ লগত এজন প্ৰাপ্তবয়স্ক লোক থকাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও ভিতৰত বেগ, বেকপেক, কেবিন লাগেজ আদিও নিষিদ্ধ। অস্ত্ৰ-শস্ত্ৰ, চোকা বস্তু, জুইশলা আদিও ভিতৰলৈ নিব নোৱাৰি। মন্দিৰৰ বাহিৰত মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰি, কিন্তু মন্দিৰৰ ভিতৰত কঠোৰভাৱে নিষিদ্ধ মোবাইল ফোন।


Leave A Reply