ACA Women’s Challenger Trophy: ২২ মে’ৰ পৰা হ’ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল

অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ(ACA Women’s Challenger Trophy) মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে’ৰপৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে । ২৬ মে’লৈ হ’বলগীয়া প্ৰতিযোগিতাত দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’ব । খেলবোৰ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়াম সংলগ্ন খেলপথাৰ আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত হব ।

অংশগ্ৰহণকাৰী দল চাৰিটা হৈছে – ডিগাৰু বীৰাংগনাছ, কপিলী প্ৰিন্সেছ, বৰাক কুইন্স আৰু সোৱণশিৰি চেম্পছ । লীগ পৰ্যায়ৰ খেলৰ পিছত শীৰ্ষৰ দুটা দল ফাইনেললৈ আগবাঢ়িব । এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত ২৬ মে’ত ফাইনেল খেল অনুষ্ঠিত হব ।

এই প্ৰতিযোগিতাই অসমত মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু বিকাশৰ বাবে থকা এ চি এৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে, যিয়ে উঠি অহা খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন আৰু মূল্যৱান প্ৰতিযোগিতামূলক অভিজ্ঞতা লাভৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে । অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

Related Articles