ওদালগুৰিত Ajmal Foundationৰ ধন আত্মসাতৰ অভিযোগ

মৌলানা আবুবক্কৰ ছিদ্দিকক জিলা জমিয়তৰ পৰা বহিষ্কাৰ,ইমাম সমাজক কালিমা হানিলে মৌলানা আবুবক্কৰ ছিদ্দিকে,মৌলানা আবুবক্কৰ ছিদ্দিকৰ পৰিয়ালৰ ওচমান গণি,আমিনা বেগম ,ছাহিদা বেগম,আতিকা বেগমৰ মৌলানাৰ প্ৰমাণপত্ৰ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাইছে   জিলা জমিয়তে ৷
আজমল ফাইণ্ডেচনৰ ধন আত্মহাৎ কৰি ইমাম সমাজক কালিমা হনা মৌলানা আবুবক্কৰ ছিদ্দিক ৰ কৰ্মকাণ্ডই লজ্জাজনক কৰিলে সমগ্ৰ জিলা ৷উল্লেখ্য যে ওদালগুৰি জিলা AIUDFৰ সভাপতি তথা জিলা জমিয়তৰ উপ সভাপতি আব্দুৰ ৰহিমে  মৌলানা আবুবক্কৰ ছিদ্দিকৰ পৰিয়ালৰ ১০জনৰো অধিক ভুৱা মৌলানা সজাই আজমল ফাউণ্ডেচনৰ ধন আত্মহাৎ কৰাৰ সকলো তথ্য সংবাদ মাধ্যমত ফাদিল কৰিছিল৷বাতৰি সম্প্ৰচাৰ হোৱাৰ এমাহ পিছত দুৰ্নীতি পৰায়ণ মৌলানা আবুবক্কৰ ছিদ্দিকে উক্ত অভিযোগটো  ছচিয়েল মিডিয়াযোগে ভিত্তিহীন বুলি কোৱাত জাঙুৰ খাই উঠে ওদালগুৰি জিলা জমিয়ত৷    ২২ছেপ্তেম্বৰত  ওদালগুৰি জিলাৰ ৰৌতাৰ আমিন পাৰা মাদ্ৰাছাত আয়োজিত সভাত ওদালগুৰি জিলা জমিয়তে কাৰ্যকৰী সভা অনুষ্টিত কৰি মৌলানা গৰাকীক  কয় যে  আমাৰ অভিযোগ ভিত্তিহীন  আছিল যদি আপোনাৰ সৎ সাহস আছে আমাৰ বিৰুদ্ধে মানহানি গোচৰ দিয়ক নাইবা ৰাজহুৱা বাবে তথ্যলৈ আলোচনাত বহিবলৈ আপোনাক প্ৰত্যাহ্বান জনাইছো৷লগতে কাৰ্যকৰী সভাৰ জৰিয়তে সমিতিৰ প্ৰস্তাৱমৰ্মে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত মৌলানা আবুবক্কৰ ছিদ্দিকক জমিয়তৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে৷

Related Articles