Breaking

ৱৰ্ল্ড এক্সপ’ টে’ষ্টত অচ্যুত কৃষ্ণ চহৰীয়াৰ প্ৰথম স্থান

0 2,035

 দৰং জিলাৰ আটাইকেইখন হায়াৰ চেকেণ্ডাৰী স্কুল আৰু জৱাহৰ নৱোদয় বিদ্যালয়, কে.ভি. লঙলদৈ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁৱৰ সৰ্বমুঠ ২৪ গৰাকী প্ৰতিভাসম্পন্ন ছাত্র-ছাত্ৰীৰ মাজত ১২ নৱেম্বৰত  মঙলদৈ টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অনুষ্ঠিত ৱৰ্ল্ড এক্সপ’ ২০২২  চিলেকচন টেষ্টত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰ অচ্যুত কৃষ্ণ চহৰীয়াই  প্ৰথম স্থান অধিকাৰ কৰিছে। তেখেতে ইউনাইটেড্ আৰব এমিৰেটছৰ ডুবাইত হৈ থকা বিশ্ব বাণিজ্য মেলালৈ অসমৰ আন ছয়গৰাকী ছাত্ৰৰ সৈতে অহা মাহত  যাত্ৰা কৰিব।  তেখেত কলাইগাঁও, বাগিছাচুবা মাজৰচুবাৰ নকুল চহৰীয়া আৰু পূৰ্ণিমা চহৰীয়াৰ পুত্ৰ। ছাত্ৰগৰাকীৰ গাইড্ শিক্ষক ইকবাল ৰছিদ হাজৰিকা, বিদ্যালয়ৰ অধ্যক্ষ আব্দুল লতিফ  আৰু বিদ্যালয় পৰিয়াল বৰ্গৰ তৰফৰপৰা অচ্যুত কৃষ্ণলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ছাত্ৰগৰাকীৰ সফলতাত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে আৰু সকলোৱে অচ্যুত কৃষ্ণক শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। 

Leave A Reply