Breaking

বঙাইগাঁৱত সক্ৰিয় অল কায়দাৰ শ্লীপাৰ চেল…

0 2,059

নামনি অসমৰ বিভিন্ন জিলাত এতিয়া সক্ৰিয় হৈ পৰিছে জেহাদী সংগঠন আল কায়দাৰ শ্লীপাৰ চেল ৷ একেদৰে খোপনি পুতিছে জেহাদী সংগঠনে ৷ বৰপেটাৰ পিচত এইবাৰ বঙাইগাঁৱত ধৰা পৰিছে আল কায়দাৰ নেটৱৰ্ক ৷ ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা তিনি আনচাৰুল্লাহ বাংলা টিম( এবিটি)ৰ সদস্যৰ স্বীকাৰোক্তিত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ বাংলাদেশৰ নিষিদ্ধ সংগঠন আনচাৰুল্লাহ বাংলা টিমৰ আল কায়দাৰে আছে সম্পৰ্ক আৰু আল কায়দীৰ হৈ কাম কৰি আহিছে সংগঠনটোৱে ৷ এই তিনি সদস্যই কিছুদিন পূৰ্বে  বঙাইগাঁও জিলাত বাহৰ পাতি থাকি জিলাখনত নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তোলাৰ বাবে অতি গোপনে কাম কাজ চলাই গৈছিল ৷ কিন্তু শেহতীয়াভাৱে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাত স্থানীয় আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰা এই তিনি সদস্যক আজি পুৱতি নিশা বঙাইগাঁওলৈ আনিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যক জানিবলৈ দিয়া মতে যোৱা ৮ এপ্ৰিলত ত্ৰিপুৰাৰ চিপাহীজলাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰা আৰক্ষীৰ সহযোগত এই তিনি জেহাদীক কৰায়ত্ত কৰিছিল ৷  যোগীঘোপা থানাত ৰুজু হোৱা ৫৬ / ২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে এই সদস্য তিনিজনক বঙাইগাঁওলৈ আনি জেৰা আৰম্ভ কৰিছে ৷ আব্দুল কাছেম, ইমৰাণ হুছেইন আৰু হামিদ আলী নামৰ  তিনিওজন ব্যক্তি বাংলাদেশৰ জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টিম ( এবিটি) ৰ সদস্য ৷

ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা এই তিনি সদস্য যাত্ৰাপুৰ আৰক্ষীৰ জিম্মাত আছিল যদিও দেওবাৰে বঙাইগাঁও আৰক্ষীৰ জিম্মাত দিয়ে ৷ বঙাইগাঁৱৰ পৰা  যোৱা আৰক্ষীৰ দলে ৰে’লযোগে আজি পুৱতি নিশা জেহাদী তিনিজনক  বঙাইগাঁওলৈ আনে ৷ ইতিমধ্যে এই সংগঠনৰ সদস্যক বৰপেটা আৰক্ষীয়ে কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱা সদস্যৰ তথ্যৰ ভিত্তিতে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা এই তিনি জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি কয় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই তিনি জেহাদী সংগঠনৰ সদস্যই যোৱা বৰ্ষৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত বঙাইগাঁও জিলাৰ অন্তৰ্গত যোগীঘোপা, কাবাইটাৰী আৰু অভয়াপুৰী আদি অঞ্চলত বাহৰ পাতি থাকি জেহাদী কাৰ্যকলাপ চলাই গৈছিল ৷ সংগঠনটোৰ ভেটি মজবুত কৰাৰ বাবে গঢ়ি তুলিছিল শ্লীপাৰ চেল ৷ এই শ্লীপাৰ চেলৰ জৰিয়তে সংগঠনটোৱে নামনি অসমৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত জেহাদী কাৰ্যকলাপ চলাই আহিছিল ৷ এই সদস্যকেইজনৰ সংগী ইতিমধ্যে ভূপালতো গ্ৰেপ্তাৰ হৈছে ৷ এই সদস্যসকল মূলত শ্লীপাৰ চেল গঠনৰ বাবেই আহে বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনকি জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ আৰক্ষীয়ে এই সদস্যকেইজনে কোনোবাৰ সৈতে থকা লিংকৰ আধাৰতে আহি জিলাখনত বাহৰ পাতিছিল বুলি সন্দেহ প্ৰকাশ কৰি সেইসকলৰ তথ্য আহৰণৰ বাবে উঠি পৰি লাগিছে ৷ লগতে সদস্য কেইজনক জেৰা কৰাৰ পিচতহে অধিক তথ্য জনাবলৈ সক্ষম হ’ব বুলিও প্ৰকাশ কৰিছে ৷

ইপিনে ধৃত তিনিওকে আজি বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে ৬ দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ জেহাদী তিনিজনক বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকান্ত চমুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰে’লযোগে বঙাইগাঁওলৈ আনে ৷ বঙাইগাঁও আৰক্ষীয়ে বৰ্তমান তিনি জেহাদী সদস্যক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জেহাদী সংগঠনে এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিজৰ কাৰ্যকলাপ বিস্তাৰ কৰাৰ বাবে উঠি পৰি লাগিছে ৷ এনে অৱস্থাত সংখ্যালঘু অঞ্চলৰ লোকসকল সচেতন নহলে এনে সংগঠনৰ জালত পৰি নিজে নিজৰ বিপদ চপাই যে আনিব লাগিব সেয়া নিশ্চিত ৷ 

Leave A Reply